প্ৰতিদিনেই অত্যাধুনিক অস্ত্ৰৰে পুটিন বাহিনীৰ আক্ৰমণ, সেই আক্ৰমণক প্ৰতিহত কৰি মাতৃভূমিক সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ জেলেস্কীৰ ইউক্ৰেইনী সেনা। এইদৰেই পাৰ হৈ গ'ল ৯টাকৈ মাহ। কেতিয়া অন্ত পৰিব ৰুছ-ইউক্ৰেইন যুদ্ধৰ সেই প্ৰশ্ন এতিয়া বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ বাবেই এক ডাঙৰ প্ৰশ্ন।
এফালে যদি পৰমাণু শক্তিৰ লগতে বিশ্বৰ ভিতৰতে দ্বিতীয় শক্তিধৰ দেশ হিচাপে পৰিচিত ৰুছ সৈন্যৰ অহৰহ আক্ৰমণ আনফালে আকৌ স্বদেশ প্ৰেমৰ পৰিচয় দি ইউক্ৰেইনী সেনাৰ লগতে সাধাৰণ নাগৰিকে ৰুছ সেনাক ৰুধিবলৈ লৈছে সকলো পদক্ষেপ।
দুয়োখন দেশত এই যুদ্ধত এতিয়ালৈকে প্ৰাণ হেৰুৱালে লক্ষাধিক সেনাই। পিছে লক্ষাধিক ৰুছ সৈন্য যুদ্ধত নিহত হোৱাৰ বিপৰীতে ১৩ হাজাৰ ইউক্ৰেইনী সেনা নিহত হোৱা বুলি দাবী কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীৰ নিৰাপত্তা উপদেষ্টা মিখাইলো পুডলিয়াকে।
যুদ্ধৰ অৱসান ঘটিলেই ইউক্ৰেইনী সৈন্যবাহিনীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ হিচাপ দিয়া হ'ব বুলিও সংবাদ মাধ্যমক জনাইছে নিৰাপত্তা উপদেষ্টাগৰাকীয়ে। অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে এই তথ্য নস্যাৎ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|