প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাত ‘হাউডী মোদী’ কাৰ্যসূচীত ৫০ হাজাৰৰো অধিক প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো। ট্ৰাম্পে এই অনুষ্ঠানত কেতবোৰ বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা আছে। হিউষ্টনৰ এনআৰজি ষ্টেডিয়ামত হ’বলগীয়া এই কাৰ্যসূচীক লৈ চাৰিওফালে লগোৱা হৈছে পোষ্টাৰ।
ইয়াৰ পূৰ্বে ২০১৪ চনত মেডিচন স্কোৱেৰত মোদীয়ে দিছিল ভাষণ। উক্ত অনুষ্ঠানতকৈও ‘হাউডী মোদী’ কাৰ্যসূচী অধিক দৰ্শনীয় হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে প্ৰথমটো কাৰ্যকালত ২০১৪ চনত প্ৰথমবাৰৰ বাবে মেডিচন স্কোৱেৰত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল। তেতিয়া মোদীৰ ভাষণ শুনিবলৈ উপস্থিত হৈছিল ২০ সহস্ৰাধিক লোক।
‘হাউডী মোদী’ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৫০ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে। আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষ ভি শ্ৰীংলাই শুকুৰবাৰে এন আৰ জি ষ্টেডিয়ামত অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। এই সমাৰোহ সফল কৰিবলৈ ১৫ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে দিন–নিশাই কাম কৰি আছে।
এন আৰ জি ষ্টেডিয়ামত শুকুৰবাৰে এক সমদলৰো আয়োজন কৰা হৈছিল, য’ত অংশগ্ৰহণ কৰে দুশতকৈও অধিক বাহনে। সমদলৰ বাহনত উৰিছিল ভাৰত–আমেৰিকাৰ পতাকা। আয়োজক আৰু স্বেচ্ছাসেৱকে ‘নমো এগেইন’ ছাৰ্ট পিন্ধি ‘নমো এগেইন’ শ্লোগানেৰে মুখৰিত কৰি তুলিছিল সমগ্ৰ ষ্টেডিয়াম।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 22, 2019, 07:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।