হাউডী মোদী: নিশা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ! আমেৰিকাত এতিয়া মোদীৰ জয়গান

এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব।

News18-Assam
Updated:September 22, 2019, 5:40 PM IST
হাউডী মোদী: নিশা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ! আমেৰিকাত এতিয়া মোদীৰ জয়গান
এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব।
News18-Assam
Updated: September 22, 2019, 5:40 PM IST
এতিয়া মোদীময় আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনৰ চৌদিশে এতিয়া মোদীৰ জয়গান। আজি নিশা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিব ভাষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিউষ্টনত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই কাৰ্যসূচীত ভাগ লোৱাৰ ফলত দুগুণে বৃদ্ধি পাব গুৰুত্ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে হিউষ্টনত উপস্থিত হৈছে ড’নাল্ড ট্ৰাম্প। হাউডী মোদী অনুষ্ঠানত ১০০ মিনিট সময় থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। কাৰ্যসূচীত ৩০ মিনিটজোৰা ভাষণ প্ৰদান কৰিব ট্ৰাম্পে।

এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব। হাউডী মোদী অনুষ্ঠানত ভাৰত আৰু আমেৰিকাত থকা ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ট্ৰাম্পে।
আৰু চাওক পৰৱৰ্তী বাতৰি