• Home
  • »
  • News
  • »
  • world
  • »
  • WHOৰ দক্ষিণ-পূব এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহক পৰামৰ্শ– কিদৰে নিয়ন্ত্ৰণ কৰিব কোৰোণা

WHOৰ দক্ষিণ-পূব এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহক পৰামৰ্শ– কিদৰে নিয়ন্ত্ৰণ কৰিব কোৰোণা

কোৰোণা ভাইৰাছৰ উদ্বেগজনক প্ৰকৃতিৰ সংক্ৰমণ প্ৰতিবন্ধকতাৰ দিশত সাধাৰণ শিথিলকৰণে তীব্ৰভাৱে বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰে সংস্থাটোৱে।

কোৰোণা ভাইৰাছৰ উদ্বেগজনক প্ৰকৃতিৰ সংক্ৰমণ প্ৰতিবন্ধকতাৰ দিশত সাধাৰণ শিথিলকৰণে তীব্ৰভাৱে বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰে সংস্থাটোৱে।

কোৰোণা ভাইৰাছৰ উদ্বেগজনক প্ৰকৃতিৰ সংক্ৰমণ প্ৰতিবন্ধকতাৰ দিশত সাধাৰণ শিথিলকৰণে তীব্ৰভাৱে বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰে সংস্থাটোৱে।

  • Share this:

বিশ্ব স্বাস্থ্য সংস্থাই দেওবাৰে দক্ষিণ-পূব এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহক কোভিডক লৈ পুনৰ পৰামৰ্শ আগবঢ়াইছে। সংস্থাটোৱে ৰাষ্ট্ৰসমূহক জনস্বাস্থ্য গাঁথনি শক্তিশালী কৰিবলৈ, সামাজিক দূৰত্বৰ নিয়মবোৰ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আৰু টিকাকৰণ তীব্ৰ কৰিবলৈ আহ্বান জনাইছে৷ সংগঠনটোৱে এক বিবৃতি জাৰি কৰি এই আহ্বান জনাইছে৷


বিশ্ব স্বাস্থ্য সংস্থাই বিবৃতিটোত কয় যে এই সপ্তাহত মালদ্বীপ আৰু ম্যানমাৰে কোৰোণা ভাইৰাছৰ উদ্বেগজনক প্ৰকাৰৰ সংক্ৰমণ নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে বাংলাদেশ, ভাৰত, ইণ্ডোনেছিয়া, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু তিমুৰ-লেষ্টেই কোৰোণাৰ এনে সংক্ৰমণত পৰিছিল।


কোৰোণা ভাইৰাছৰ উদ্বেগজনক প্ৰকৃতিৰ সংক্ৰমণ প্ৰতিবন্ধকতাৰ দিশত সাধাৰণ শিথিলকৰণে তীব্ৰভাৱে বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰে সংস্থাটোৱে। সংস্থাটোৰ দক্ষিণ-পূব এছিয়াৰ ক্ষেত্ৰীয় নিৰ্দেশক পুনম ক্ষেত্ৰপাল সিঙে এক বিবৃতিত কয়, "আমি সংক্ৰমিত লোকসকলৰ অনুসন্ধান, চিনাক্তকৰণ আৰু আইচোলেচন কৰাৰ বাবে আমাৰ প্ৰচেষ্টা নিৰন্তৰ শক্তিশালী কৰিব লাগিব। শাৰীৰিক দূৰত্ব, হাতৰ পৰিচ্ছন্নতা আৰু সঠিকভাৱে মাস্ক পৰিধানৰ নিয়ম কঠোৰভাৱে প্ৰয়োগ কৰা প্ৰয়োজন। এই পদক্ষেপবোৰ সম্পূৰ্ণ আৰু দীৰ্ঘম্যাদী হ'ব লাগে এনে ঠাইসমূহত, য'ত কোৰোণাৰ উদ্বেগজনক ষ্ট্ৰেইনৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।'

Published by:Gautam Barman
First published: