মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Tokyo Olympics 2020 : অলিম্পিকত পদক জয় কৰিলে আমেৰিকাতকৈও বেছি টকা পায় ভাৰতৰ খেলুৱৈয়ে, কোন দেশে দিয়ে কিমান টকাৰ পুৰস্কাৰ?

Tokyo Olympics 2020 : অলিম্পিকত পদক জয় কৰিলে আমেৰিকাতকৈও বেছি টকা পায় ভাৰতৰ খেলুৱৈয়ে, কোন দেশে দিয়ে কিমান টকাৰ পুৰস্কাৰ?

Manjumoni Borah | News18-Assam
Updated:August 1, 2021, 9:30 AM IST
Tokyo Olympics 2020 : অলিম্পিকত পদক জয় কৰিলে আমেৰিকাতকৈও বেছি টকা পায় ভাৰতৰ খেলুৱৈয়ে, কোন দেশে দিয়ে কিমান টকাৰ পুৰস্কাৰ?
ভাৰতত অলিম্পিকত সোণৰ মেডেল পালে ৭৫ লাখ টকা, ৰূপৰ মেডেল পালে ৪০ লাখ টকা আৰু ব্ৰঞ্জৰ পদক পালে পুৰস্কাৰ পাব ২৫ লাখ টকা।

ভাৰতত অলিম্পিকত সোণৰ মেডেল পালে ৭৫ লাখ টকা, ৰূপৰ মেডেল পালে ৪০ লাখ টকা আৰু ব্ৰঞ্জৰ পদক পালে পুৰস্কাৰ পাব ২৫ লাখ টকা।

  • Share this:
যি কোনো এজন এথলীট (Athlete)ৰে শেষ সপোন হৈছে অলিম্পিক (Olympics)ৰ এটা পদক। অলম্পিকত তৃতীয় স্থানত থাকি ব্ৰঞ্জৰ পদক জয় কৰাটোও বিশ্ব জয়ৰ সমানেই। যি নহওক এই অলিম্পিয়ান সকলে কোনো পদক জয় কৰিলে তেওঁলোকৰ দেশৰ তৰফৰ পৰা লাভ কৰে বৃহৎ অংকৰ পুৰস্কাৰ (Prize Money)। আমি দেখিছোঁ ভাৰতৰ মিৰাবাই চানুৱে (Mirabai Chanu) ৰূপৰ পদক পোৱাৰ পিছতে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ে ২ কোটি আৰু মণিপুৰ চৰকাৰে ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

সাধাৰণতেই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাৰণত অংশ লোৱা খেলুৱৈসকলে বিজয়ী হ'লে কিমান টকাৰ পুৰস্কাৰ পায় সেই কথাটো জানিবলৈ আগ্ৰহী সকলোৱেই। ভাৰতে অলিম্পিকৰ আৰম্ভণিৰ পূৰ্বেই ঘোষণা কৰিছিল অলিম্পিকত সোণৰ মেডেল (GoldMedal) পালে ৭৫ লাখ টকা, ৰূপৰ মেডেল (Silver Medal) পালে ৪০ লাখ টকা আৰু ব্ৰঞ্জৰ পদক (Bronze Medal) পালে পুৰস্কাৰ পাব ২৫ লাখ টকা। মিৰাবাই চানৱে ইয়াৰে ৪০ লাখ টকাও পাব, চাকৰিৰ কথাটো সুকীয়া।

ভাৰতৰ দৰেই আন সকলো দেশেই নিজৰ খেলুৱৈক এনেদৰে পুৰস্কাৰ দিয়ে। কিন্তু বহু দেশতকৈ তলত আছে আমেৰিকাৰ নাম আৰু আমেৰিকাৰো তলত আছে কানাডা। পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত ভাৰততকৈও বহু তলত আছে আমেৰিকা আৰু কানাডা। এই ক্ষেত্ৰত শীৰ্ষত আছে ছিংগাপুৰ (Singapur)।

ছিংগাপুৰত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ৫ কোটি ৪৮ লাখ ১৭ হাজাৰ ৫৪৪ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ২কোটি ৭৪ লাখ ৪৫ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ১ কোটি ৩৬ লাখ ৮৫ হাজাৰ টকা।

কাজাখাস্তানে অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১ কোটি ৮৫ লাখ ৯৪ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ১ কোটি ১১ লাখ ৫৬ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ৫৫ লাখ ৭৮ হাজাৰ টকা।

মালয়েছিয়াই অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১ কোটি ৭৫ লাখ ৫৩ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ৫২ লাখ ৮০ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ১৭ লাখ ৮৫ হাজাৰ টকা।

ইটালীয়ে অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১ কোটি ৫৮ লাখ ৪২ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ৭৯ লাখ ৫৮ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ৫২ লাখ ৮১ হাজাৰ টকা।

ফিলিপিনছত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১ কোটি ৪৮ লাখ ৭৫ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ৭৩ লাখ ৬৩ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ২৯ লাখ ৭৫ হাজাৰ টকা।

ব্ৰাজিলত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ৩৬ লাখ ৪৪ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ২১ লাখ ৫৭ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ১৪ লাখ ৮৭ হাজাৰ টকা।

অষ্ট্ৰেলিয়াত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১১ লাখ ১৫ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ৮ লাখ ১৮ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ৫ লাখ ২০ হাজাৰ টকা।

কানাডাত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ১১ লাখ ৯০ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ৮ লাখ ৯২ হাজাৰ টকা, আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ৫ লাখ ৯৫ হাজাৰ টকা।

জাপানত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ৩৩ লাখ ৪৭ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ১৩ লাখ ৩৯ হাজাৰ টকা, আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ৬ লাখ ৬৯ হাজাৰ টকা।

আমেৰিকাত অলিম্পিকত সোণৰ পদক জয় কৰা এজন খেলুৱৈক দিয়ে ২৭ লাখ ৮৯ হাজাৰ টকা, ৰূপৰ পদক জয় কৰিলে দিয়ে ১৬ লাখ ৭৩ হাজাৰ টকা, আৰু ব্ৰঞ্জৰ পদক জয় কৰিলে দিয়ে ১১ লাখ ১৫ হাজাৰ টকা।

উল্লেখ্য যে টকিঅ' অলিম্পিকছ (Tokyo Olympics 2020) আয়োজনত খৰচ কৰা হৈছে ১৫,৪ বিলিয়ন ডলাৰ (15.4 Billion Dollars), ভাৰতীয় টকাৰ হিচাপত ১ লাখ ১৪ হাজাৰ ৫৪৪ কোটি ১ নিযুত ২ লাখ ২০ হাজাৰ টকা কিন্তু ইয়াৰ পৰা এক টকাও প্ৰাইজ মানী নাপায় পদক বিজেতা খেলুৱৈয়ে।
Published by: Manjumoni Borah
First published: August 1, 2021, 9:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি