ছেপ্টেম্বৰ ১১, ২০০১। আজিৰ দিনটোতে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ (9/11 Attack)। এই তাৰিখটোৱেই সন্ত্ৰাসবাদৰ প্ৰতি আমেৰিকাৰ দৃষ্টিভংগী সলনি কৰিছিল। ইয়াৰ পিছতে চকিত আমেৰিকাই সন্ত্ৰাসবাদ দমনৰ নামত, সন্ত্ৰাসবাদীৰ সন্ধানত পানীৰ দৰে ধন ঢালিছিল।
আজি ২০ বছৰৰ পিছত আমেৰিকান সৈন্যসকল আফগানিস্তানৰ পৰা উভতি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ওচামা বিন লাডেন আৰু মোল্লা ওমৰৰ দৰে বিপজ্জনক সন্ত্ৰাসবাদীক হত্যা কৰি এই আক্ৰমণৰ প্ৰতিশোধ পূৰণ কৰিছিল। কিন্তু ২০ বছৰৰ পাছতো বহুতো সন্ত্ৰাসবাদী জীয়াই আছে, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল।
একাংশ সমাজ বিশ্লেষকৰ মতে, ১১ ছেপ্টেম্বৰৰ আক্ৰমণে বিশ্বব্যাপী মানৱ অধিকাৰ উলংঘন আৰু ব্যাপক স্থানচ্যুতিৰ যুগৰ সূচনা কৰিছিল। ইয়াৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ কেইবাদশক ধৰি অব্যাহত থকাৰ আশংকা আছে। ৯/১১ৰ আক্ৰমণৰ সময়ত ৩,০০০ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ মৃত্যু হৈছিল যদিও বিশ্বত ইয়াৰ প্ৰভাৱ আছিল অন্যধৰণৰ।
এই সম্পৰ্কত ব্ৰাউন বিশ্ববিদ্যালয়ে যুদ্ধৰ নামত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান খৰচ কৰিছিল আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কিমান মানুহে প্ৰাণ হেৰুৱাইছিল তাৰ ওপৰত সমীক্ষা চলাইছিল।
সমীক্ষা মতে, যুদ্ধৰ খৰচ প্ৰকল্প অনুসৰি ৯/১১ ৰ আক্ৰমণৰ পিছত হোৱা যুদ্ধবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্টাগনৰ ওপৰত ব্যাপক অৰ্থনৈতিক প্ৰভাৱ পেলাইছিল। অনুমান অনুসৰি, ৮ ট্ৰিলিয়নতকৈও অধিক ধন ব্যয় কৰা হৈছিল যুদ্ধৰ নামত। গৱেষণা অনুসৰি, আমেৰিকাই ২০০১ চনত আক্ৰমণৰ পিছত ইয়াৰ সামৰিক অভিযান আৰম্ভ কৰে। ইয়াৰ বাবে আফগানিস্তান আৰু পাকিস্তানতে ২.৩১৩ ট্ৰিলিয়ন ডলাৰ ব্যয় কৰিছিল। আনহাতে এই যুদ্ধৰ বাবে ৯,০০,০০০ লোক মৃত্যুমুখত পৰিছিল।
২০০১ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে আফগানিস্তান, ইৰাক, ছিৰিয়া, লিবিয়া আৰু য়েমেনকে ধৰি আঠটা আটাইতকৈ হিংসাত্মক যুদ্ধত অংশ লৈছে। ভিন্ন চৰকাৰী তথ্য অনুসৰি এই যুদ্ধত কমেও ৩.৭ কোটি লোক গৃহহাৰা হৈছে। প্ৰকৃততে এই সংখ্যা প্ৰায় ৬ কোটি হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।