কেনেকৈ হৈছিল বালাকোটৰ ছাৰ্জিকেল ষ্ট্ৰাইক? মিৰাজৰ পাইলটে ক’লে সম্পূৰ্ণ কাহিনী

News18-Assam
Updated:June 25, 2019, 1:33 PM IST
কেনেকৈ হৈছিল বালাকোটৰ ছাৰ্জিকেল ষ্ট্ৰাইক? মিৰাজৰ পাইলটে ক’লে সম্পূৰ্ণ কাহিনী
এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰা পাইলটে NEWS18ৰ আগত ক’লে সকলো কাহিনী।

এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰা পাইলটে NEWS18ৰ আগত ক’লে সকলো কাহিনী।

  • Share this:
চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ুসেনাই সংঘটিত কৰিছিল এয়াৰ ষ্ট্ৰাইক। এই আক্ৰমণত নিহত হৈছিল শতাধিক সন্ত্ৰাসবাদী। এই মিছনৰ বাবে ভাৰতীয় বায়ুসেনাই কেইবাদিনো ধৰি চলাইছিল অনুশীলন। আক্ৰমণ কেতিয়া কৰিব লাগিব, কেনেকৈ কৰিব ইয়াৰ কোনো খবৰ কোনো লোকে পোৱা নাছিল। এই গোপন মিছনৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি বায়ুসেনাৰ উচ্চপদস্থ বিষয়া আৰু নিৰ্দিষ্ট পাইলটে জানিছিল। এই এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰা পাইলটে NEWS18ৰ আগত ক’লে সকলো কাহিনী।

কেইবাদিনো ধৰি কৰিছিল অনুশীলন
২৬ ফেব্ৰুৱাৰীৰ পুৱতিনিশা ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত ছাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে উৰা মাৰিছিল মিৰাজ। টাৰ্গেট আছিল বালাকোটত থকা জঈছ–ই–মহম্মদৰ ঘাটি। এজন পাইলটে পাইলটে কয় যে ষ্ট্ৰাইকৰ কিছুদিন পূৰ্বেই তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। ভাৰতীয় বায়ুসেনাৰ মিৰাজ ২০০০ৰ তিনিওটা স্কোৱাড্ৰনে ধাৰাবাহিকভাৱে অনুশীলন চলাইছিল।

মিছনলৈ যোৱা পাইলতে জনা নাছিল এয়াৰ ষ্ট্ৰাইকৰ কথা
সেই মিছনত কোন যাব সেই কথা কোনেও জনা নাছিল। মিৰাজ বিমানেৰে লক্ষ্যস্থানত আঘাত হনাৰ অনুশীলন চলাই থকা হৈছিল। যিদিনা আক্ৰমণ হৈছিল, তাৰ এদিন পূৰ্বে বিয়লি প্ৰায় ৪ বজাত এয়াৰক্ৰাফ্ট মেইনটেনেন্স টীমক কোৱা হৈছিল মিৰাজত কি কি বোমা আৰু মিছাইল লগোৱা হ’ব। স্পাইচ ২০০০ আৰু ক্ৰিষ্টেল মেজ বোমা পৃথক পৃথক বিমানত লগোৱা হৈছিল।

পৰিয়ালক জনোৱা নাছিল পাইলটে
৬খনকৈ মিৰাজ বিমানৰ দুটা পেকেজৰ বাবে যি ১২ গৰাকী পাইলটক নিৰ্বাচিত কৰা হৈছিল, তাৰ ভিতৰৰ এগৰাকী পাইলটে কয় যে প্ৰস্তুতি দৈনিক চলি আছিল আৰু তেওঁ সকলো অভিযানৰ অংশীদাৰ হ’বলৈ সাজু আছিল। কিন্তু যি সময়ত তেওঁক এই মিছনৰ বাবে নিৰ্বাচিত কৰা হ’ল তেওঁ উৎসাহিত হৈ পৰিছিল। কিন্তু পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ সৈতে সাধাৰণভাৱেই তেওঁ কথা পাতিছিল। গোপনে ৰাখিছিল এই মিছনৰ কথা। আচলতে, এই মিছন সফল হৈছিল গোপনীয়তাৰ বাবে আৰু এয়া ভাৰতীয় বায়ুসেনাৰ বাবে অত্যন্ত কঠিন প্ৰত্যাহ্বান আছিল।

বালাকোটৰ এই স্থানতে ভাৰতীয় বায়ুসেনাই কৰিছিল আক্ৰমণ।


বোমা পেলাই শীঘ্ৰে ওভতাৰ নিৰ্দেশ
পাইলটজনে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ কিমান দূৰ ভিতৰলৈ গৈছিল সেয়া কোৱা নাছিল। কিন্তু নিৰ্ধাৰণ কৰা পথেৰে লক্ষ্যস্থানত উপস্থিত হোৱাৰ কথা কৈছিল তেওঁ। স্পাইচ বোমা থকা ৬খন মিৰাজক বোমা নিক্ষেপ কৰাৰ পিছত শীঘ্ৰে ঘূৰি অহাৰ স্পষ্ট নিৰ্দেশ দিয়া হৈছিল। নিৰ্দেশ মতেই কাম কৰিছিল পাইলটে।

৬০ৰ পৰা ৯০ ছেকেণ্ডত উভতিছিল মিৰাজ
এজন পাইলটে কয় যে লক্ষ্যস্থানৰ কাষ পোৱাৰ লগে লগে পূৰ্বৰে পৰা সাজু কৰি ৰখা স্পাইচ বোমা নিক্ষেপ কৰা হয় আৰু প্ৰায় ৬০–৯০ ছেকেণ্ডৰ ভিতৰত ভাৰতীয় সীমাৰ সমীপৰ এয়াৰ ফিল্ডত অৱতৰণ কৰোৱা হৈছিল বিমান। মিৰাজৰ এই পেকেজক ভাৰতীয় বায়ুসেনাৰ আন বিমানে পৰ্যবেক্ষণ কৰাৰ লগতে সমৰ্থন কৰিছিল।

আক্ৰমণৰ পিছত দুদিনলৈ শুই আছিল পাইলট
দুয়োজন পাইলটক সোধা হৈছিল যে আক্ৰমণৰ পিছত তেওঁলোকে কি কৰিছিল? এই প্ৰশ্নৰ উত্তৰত কয় যে এই আক্ৰমণৰ পিছত তেওঁলোকে দুদিনলৈ বিশ্ৰাম লৈছিল আৰু শুইছিল। ধাৰাবাহিক অনুশীলনৰ বাবে ভাগৰুৱা হৈছিল পাইলটসকল। মিৰাজেৰে ছাৰ্জিকেল ষ্ট্ৰাইকৰ অংশীদাৰ হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে পাইলটসকললৈ পৰিয়ালৰ লোকে ফোন আৰু WhatsAppত ফোন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই দুয়োগৰাকী পাইলটে নিজৰ ফোন ছুইচ অফ কৰি থৈছিল। ইমানেই নহয়, পাইলটসকলে আক্ৰমণৰ আগত বা পিছত কোনো ধৰণৰ ছুটী লোৱা নাছিল।

পূৰ্বেই নিৰ্ধাৰিত হৈছিল বোমা নিক্ষেপৰ স্থান
এজন পাইলটে কয় যে বোমা সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছিল। জিপিএছেৰে সংযোগ কৰা আছিল লক্ষ্যস্থান। কোন ঠাইত বোমা নিক্ষেপ কৰিব লাগিব কেয়া পূৰ্বনিৰ্ধাৰিত আছিল। পাইলটসকলক সোধা হৈছিল যে স্পাইচ বোমাৰ ওপৰত পাকিস্তানৰ বাবে কোনো বাৰ্তা লিখা হৈছিল নেকি? তেতিয়া এজন পাইলটে কয় যে স্পাইচ বোমা ইমান ধুনীয়া যে ইয়াৰ ওপৰত একো লিখিবলৈ মন নাযায়। ভাৰতীয় বায়ুসেনাই ৫টা স্পাইচ বোমা বালাকোটত নিক্ষেপ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি