ভাৰত ভ্ৰমণক লৈ উৎসাহিত ট্ৰাম্পৰ জীয়ৰী ইভাংকা, অহাৰ পূৰ্বে কি কৰিলে ইভাংকাই?

News18 Assam | News18-Assam
Updated:February 24, 2020, 11:43 AM IST
ভাৰত ভ্ৰমণক লৈ উৎসাহিত ট্ৰাম্পৰ জীয়ৰী ইভাংকা, অহাৰ পূৰ্বে কি কৰিলে ইভাংকাই?
Photo : metro.co.uk

ইভাংকা পিতৃ ড’নাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ উপদেষ্টা। ২০১৭ চনত গ্ল’বেল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ছামিটত অংশ ল’বলৈ ভাৰতলৈ আহিছিল ইভাংকা।

  • News18 Assam
  • Last Updated: February 24, 2020, 11:43 AM IST
  • Share this:
বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প কিছু সময় পিছতে পদাৰ্পণ কৰিব ভাৰতত। ট্ৰাম্পৰ সৈতে আহিব পত্নী মেলানিয়া, কন্যা ইভাংকা আৰু জোৱায়েক জেৰেড কুশনাৰো। দুবছৰ পূৰ্বেও ভাৰতলৈ আহিছিল ইভাংকা। এতিয়া দ্বিতীয়বাৰ ভাৰত ভ্ৰমণক লৈ অত্যন্ত উৎসায়ী ট্ৰাম্পৰ কন্যা।

ভাৰতত ভৰি থোৱাৰ পূৰ্বে ইভাংকাই। টুইটাৰত লিখিছে – ‘দ্বিতীয়বাৰ ভাৰতলৈ অহাটো মোৰ বাবে সন্মানৰ কথা।’ টুইটাৰত ইভাংকাই দুবছৰ পূৰ্বৰ ভাৰত ভ্ৰমণৰ ফটোও শ্বেয়াৰ কৰিছে। ইভাংকাই লিখিছে – হায়দৰাবাদ ছামিটত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ দুবছৰ পিছত আজি পুনৰ ভাৰতলৈ যোৱা হ’ব।


ইভাংকা পিতৃ ড’নাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ উপদেষ্টা। ২০১৭ চনত গ্ল’বেল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ছামিটত অংশ ল’বলৈ ভাৰতলৈ আহিছিল ইভাংকা। হায়দৰাবাদত অনুষ্ঠিত হৈছিল এই ছামিট।

উল্লেখযোগ্য যে ইভাংকা ট্ৰাম্পৰ প্ৰথম পত্নী ইভানাৰ কন্যা। ট্ৰাম্প আৰু ইভানাৰ বিচ্ছেদৰ সময়ত ইভাংকাৰ বয়স আছিল ১০ বছৰ। ইভাংকা ট্ৰাম্প বিজনেছ গ্ৰুপৰ কাৰ্যবাহী উপাধ্যক্ষ।
আৰু চাওক
পৰৱৰ্তী বাতৰি