কোৰোণাৰ পৰা মুক্তি পাবলৈ হোমিঅ’পেথিৰ বৃহৎ সাফল্য! মাহত ৬দিন এই ঔষধ খোৱাৰ পৰামৰ্শ চিকিৎসকৰ

News18 Assam | News18-Assam
Updated:May 25, 2020, 4:58 PM IST
কোৰোণাৰ পৰা মুক্তি পাবলৈ হোমিঅ’পেথিৰ বৃহৎ সাফল্য! মাহত ৬দিন এই ঔষধ খোৱাৰ পৰামৰ্শ চিকিৎসকৰ
মুঠ ২২ হাজাৰ আৰক্ষীৰ লোক, ৪ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক তথা আন বহু লোকক এই ঔষধ প্ৰদান কৰা হৈছে।

মুঠ ২২ হাজাৰ আৰক্ষীৰ লোক, ৪ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক তথা আন বহু লোকক এই ঔষধ প্ৰদান কৰা হৈছে।

  • Share this:
ভাৰতত কোৰোণাত আক্ৰান্তৰ সংখ্যাই বৰ্তমান ১ লাখ ৩৮ হাজাৰ অতিক্ৰম কৰিছে। বিশ্বজুৰি এই সময়ত কোৰোণাৰ প্ৰতিষেধকৰ পৰীক্ষা–নিৰীক্ষা চলিছে। ইয়াৰ মাজতে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে হোমিঅ’পেথিক চিকিৎসাই। ৰোগীৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু কোৰোণা ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সফলতাৰ খবৰ আহিছে।

বিগত ১৩ মে’ত কোৰোণাৰ সাধাৰণ লক্ষণ দেখা তিনিজন ৰোগীক ভৰ্তি কৰোৱা হৈছিল দিয়া ভূপালৰ চৰকাৰী হোমিঅ’পেথিক মেডিকেল কলেজ আৰু হাস্পতালত। ১০ দিনতে ৰোগমুক্ত হৈছে লোক তিনিজন। কিন্তু কিদৰে কাম কৰিছে এই হোমিঅ’পেথি ঔষধে? এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি, মুম্বাইৰ চিকিৎসক জহৰ শ্বাহে বিশ্বৰ ১০০জন চিকিৎসকৰ সৈতে আলোচনা কৰি এক বিশেষ পথ্য তৈয়াৰ কৰিছে। যিয়ে মানৱ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণৰ সম্ভাৱনা কমে।

এইপৰ্যন্ত মুঠ ২২ হাজাৰ আৰক্ষীৰ লোক, ৪ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক তথা আন বহু লোকক এই ঔষধ প্ৰদান কৰা হৈছে। আয়ুষ মন্ত্ৰণালয়ৰ নিৰ্দেশনা পালন কৰি এই ঔষধ তৈয়াৰ কৰা হৈছে।

এই তালিকাত আছে দুবিধ ঔষধৰ নাম। আৰ্ছেনিক এলবাম আৰু কেম্পৰ এম ৱান। কোৰোণাৰ প্ৰকোপৰ লগে লগে বিশ্বজুৰি চাহিদা বাঢ়িছে এই ঔষধৰ। চিকিৎসকৰ মতে, এই ঔষধৰ আটাইতকৈ ভাল দিশ হৈছে এয়া মাহত এবাৰ ব্যৱহাৰ কৰিব লাগে। দুবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাব লাগে তিনিদিন তিনিবেলা।
First published: May 25, 2020, 4:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading