ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মন, ৭১ বছৰ বয়সত বিশ্ববিদ্যালয়ত নামভৰ্তি গৃহহীন বৃদ্ধৰ

প্ৰায় ৪৮ বছৰ পিছত পুনৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি আধৰুৱা ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মন মেলিছে বৃদ্ধগৰাকীয়ে।

news18assam
Updated:June 9, 2019, 4:09 PM IST
ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মন, ৭১ বছৰ বয়সত বিশ্ববিদ্যালয়ত নামভৰ্তি গৃহহীন বৃদ্ধৰ
প্ৰায় ৪৮ বছৰ পিছত পুনৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি আধৰুৱা ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মন মেলিছে বৃদ্ধগৰাকীয়ে।
news18assam
Updated: June 9, 2019, 4:09 PM IST
আমেৰিকাৰ টেক্সাছৰ আষ্টিনৰ বাসিন্দা ডেভিদ কাৰ্টাৰ নামৰ লোকজনে ৭১ বছৰ বয়সত নামভৰ্তি কৰিছে টেক্সাছ বিশ্ববিদ্যালয়ত। প্ৰায় ৪৮ বছৰ পিছত পুনৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি আধৰুৱা ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মন মেলিছে বৃদ্ধগৰাকীয়ে। তেওঁৰ টিউচন ফিজ বহন কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

আচলতে, ১৯৭১ চনত কলা শাখাত অধ্যয়ন কৰিছিল ডেভিদ কাৰ্টাৰে। এগৰাকী ডাঙৰ শিল্পী বা লেখক হোৱাৰ মন আছিল, কিন্তু এক দুৰ্ঘটনাই সলাই পেলাইছিল জীৱনৰ গতি। সুৰাপান কৰাৰ ফলত এক দুৰ্ঘটনাত পতিত হৈছিল লোকজন। আইনাৰ খিৰিকীত খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল তেওঁ। পিছত তেওঁ আক্ৰান্ত হৈছিল ছিজ’ফ্ৰেনিয়া ৰোগত যাৰ ফলত আধৰুৱা হৈছিল পঢ়া–শুনা। লোকজনৰ স্মৃতিশক্তি হ্ৰাস পোৱাৰ লগতে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰিছিল তেওঁ।

টেনাচিটীত সাংবাদিকতা পঢ়ি থকা ৰায়ন চেণ্ডলাৰ নামৰ লোকজনে তেওঁক দেখি চিকিৎসাৰ ব্যৱস্থা কৰে। এতিয়া ডেভিদে দ্বিতীয়বাৰৰ বাবে নিজৰ আধৰুৱা ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ উভতি গৈছে বিশ্ববিদ্যালয়লৈ। তেওঁ কয় – ‘মই জীৱনৰ বাকী সময়খিনি গৱেষণা আৰু কিতাপ লিখি কটাব বিচাৰো। মোৰ বিশ্বাস যে কলেজ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত আৰু ভালকৈ কিতাপ লিখিব পাৰিম। ইয়াৰ জৰিয়তে বুদ্ধিমান আৰু জ্ঞানী লোকসকলক সাক্ষাৎ কৰাৰ সুবিধা পাম।’

ডেভিদক চোৱাচিতা কৰা আরু তেওঁক বিশ্ববিদ্যালয়লৈ লৈ যোৱা ৰায়ন চেণ্ডলাৰে কয় – কাৰ্টাৰৰ সৈতে মোৰ সাক্ষাৎ ‘দ্য ডেইলী টেক্সন’ কাকতত ইণ্টাৰ্ণশ্বিপৰ সময়ত এক এছাইনমেণ্টৰ যোগেদি হৈছিল। গৃহহীন লোকৰ বিষয়ৰ ওপৰত মই এছাইনমেণ্ট পাইছিলো। মই ডেভিদৰ সাক্ষাৎকাৰ লৈছিলো, যাৰ জৰিয়তে মই তেওঁৰ সমগ্ৰ কাহিনী জানিব পাৰিলো। শীঘ্ৰে আমাৰ মাজত বন্ধুত্ব হ’ল আৰু প্ৰায়ে লগ কৰিছিলো। ডেভিদে যেতিয়া নিজৰ পঢ়া সম্পূৰ্ণ কৰাৰ কথা ক’লে মই তেওঁক নামভৰ্তি কৰাত সহায় কৰিলো। শীঘ্ৰে তেওঁ কলেজ অব ফাইন আৰ্টছৰ পৰা ডিগ্ৰী সম্পূৰ্ণ কৰিব। ‘দৈনিক ভাস্কৰ’ত প্ৰকাশ পাইছে এই প্ৰতিবেদন।
আৰু চাওক পৰৱৰ্তী বাতৰি