লাছিথ মালিংগাৰ দৰে হেয়াৰ ষ্টাইল কৰি ক’লৈ যাব ওলাইছে প্ৰিয়ংকা চোপ্ৰা

ইয়াৰ পূৰ্বে প্ৰিয়ংকা মেট গালাত খাকী ৰঙৰ দীঘল ট্ৰেঞ্চ কোট পিন্ধি আৰু ৱাইন ৰঙৰ গাউনৰ সৈতে অন্য এটা ৰূপত দেখা গৈছিল।

Dulu Medhi | News18-Assam
Updated:May 9, 2019, 9:45 AM IST
লাছিথ মালিংগাৰ দৰে হেয়াৰ ষ্টাইল কৰি ক’লৈ যাব ওলাইছে প্ৰিয়ংকা চোপ্ৰা
ইয়াৰ পূৰ্বে প্ৰিয়ংকা মেট গালাত খাকী ৰঙৰ দীঘল ট্ৰেঞ্চ কোট পিন্ধি আৰু ৱাইন ৰঙৰ গাউনৰ সৈতে অন্য এটা ৰূপত দেখা গৈছিল।
Dulu Medhi | News18-Assam
Updated: May 9, 2019, 9:45 AM IST
প্ৰিয়ংকা চোপ্ৰাৰ ‘মেট গালা ২০১৯’ৰ ফটো ইণ্টাৰনেটত যথেষ্ট ভাইৰেল হৈ পৰিছে। বিদেশত এই ষ্টাইলে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যদিও ভাৰতীয় দৰ্শকৰ বাবে এই লুক হাস্যকৰ। পুনৰ আলোচনাৰ মাজত সোমাই পৰিছে প্ৰিয়ংকাৰ এই ‘মেট গালা’ ষ্টাইলৰ বাবে। বিগত বৰ্ষত প্ৰিয়ংকা মেট গালাত খাকী ৰঙৰ দীঘল ট্ৰেঞ্চ কোট পিন্ধি আৰু ৱাইন ৰঙৰ গাউনৰ সৈতে অন্য এটা ৰূপত দেখা গৈছিল। কিন্তু এইবাৰৰ প্ৰিয়ংকাৰ অচিনাকী ৰূপে আচৰিত কৰি তুলিছে দৰ্শকক।



নিউয়ৰ্কত অনুষ্ঠিত এই ইভেণ্টত নিক আৰু প্ৰিয়ংকাই একে ৰঙৰ কাপোৰ পিন্ধা দেখা গৈছে। দুয়োয়ে বগা ৰং আৰু ৰূপালী ৰঙৰ কাপোৰ পিন্ধি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।

নিউয়ৰ্কত অনুষ্ঠিত এই ইভেণ্টত নিক আৰু প্ৰিয়ংকাই একে ৰঙৰ কাপোৰ পিন্ধা দেখা গৈছে। দুয়োয়ে বগা ৰং আৰু ৰূপালী ৰঙৰ কাপোৰ পিন্ধি দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। প্ৰিয়ংকাই Dior ব্ৰেণ্ডৰ কাপোৰ পৰিধান কৰিছে। থাই হাই শ্লিটৰ ৰূপালী ৰঙৰ ড্ৰেছে প্ৰিয়ংকাক সুন্দৰ কৰি তুলিছিল। কিন্তু প্ৰিয়ংকাৰ চুলিৰ ষ্টাইলে লগালে জগৰ। হেয়াৰ ষ্টাইলিছে প্ৰিয়ংকাৰ চুলি ‘আফ্ৰিকান কাৰ্ল’ হেয়াৰ ষ্টাইলেৰে সজায়। এই হেয়াৰ ষ্টাইলৰ সৈতে প্ৰিয়ংকাই মূৰত এটা ক্ৰাউনো পিন্ধিছিল। থীম হিচাপে এই ৰূপ যদিও পাৰফেক্ট কিন্তু আমাৰ দৰ্শকৰ দৃষ্টিত বিদ্যুতৰ শ্বৰ্ট দেহত লাগিলেহে চুলিয়ে এনে আকাৰ লয়।


আৰু চাওক পৰৱৰ্তী বাতৰি