পৃথিৱীৰ আটাইতকৈ ডাঙৰ অট্টালিকাটো হৈছে বুৰ্জ খলিফা (Burj Khalifa)। ইয়াৰ মূধচত আৰোহণ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। কিন্তু যেতিয়া হলীউডৰ অভিনেতা উইল স্মিথে (Will Smith) এই বুৰ্জ খলিফাৰ একেবাৰে মূধচত বহিছিল, আটায়ে হতবাক হয় আৰু ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, স্মিথে এটা ইউটিউব ছিৰিজৰ বাবে বুৰ্জ খলিফাৰ শীৰ্ষত পদাৰ্পণ কৰে। স্মিথৰ অনুৰাগীসকলে এই কৃতিত্ব দেখি যথেষ্ট আচৰিত হৈছে। ভাইৰেল হৈ থকা ছবিখনত আপুনি উইল স্মিথক বুৰ্জ খলিফাৰ ওপৰত বাহু মেলি থিয় হৈ থকা দেখিব পাৰে। তেওঁ এই দৃশ্যগ্ৰহণৰ বাবে লছ এঞ্জেলছৰ পৰা ডুবাইলৈ আহিছিল।
ইংৰাজী ৱেবছাইট ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, স্মিথে ইউটিউব শ্ব' 'বেষ্ট শ্বেপ অফ মাই লাইফ'ৰ এটা খণ্ডৰ বাবে বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাৰ মূধচ পাইছে। এই কাৰ্য ৰূপায়ণ কৰাৰ বাবে তেওঁক ৫ঘণ্টা সময় লাগিছিল। ভৱনটোৰ শীৰ্ষত উপনীত হ'বলৈ প্ৰায় ১ ঘণ্টা ১৫ মিনিট সময় লয় তেওঁ।
উল্লেখ্য, উইল স্মিথ এজন আমেৰিকান অভিনেতা, ৰেপাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা, যি ৫টা গোল্ডেন গ্লোব বঁটা আৰু ২টা একাডেমী পুৰস্কাৰৰ বাবে মনোনীত হৈছে। তেওঁ ৪টা গ্ৰেমী বঁটাও লাভ কৰিছে। শেহতীয়াকৈ নিকোল স্মিথ-লুডভিক (Nicole Smith-Ludvik) নামৰ এগৰাকী মহিলাই বুৰ্জ খলিফাৰ শীৰ্ষত থিয় হৈছিল বিজ্ঞাপনৰ বাবে। নিকোল স্মিথ-লুডভিক এজন পেছাদাৰী স্কাই ডাইভিং প্ৰশিক্ষক আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|