• Home
  • »
  • News
  • »
  • world
  • »
  • টুইটাৰযোগে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'লৈ হলিউড অভিনেতা জন কুচাকৰ সমৰ্থন

টুইটাৰযোগে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'লৈ হলিউড অভিনেতা জন কুচাকৰ সমৰ্থন

হলিউড অভিনেতা জন কুচাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'ত নিজৰ সমৰ্থন আগবঢ়াইছে।

হলিউড অভিনেতা জন কুচাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'ত নিজৰ সমৰ্থন আগবঢ়াইছে।

হলিউড অভিনেতা জন কুচাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'ত নিজৰ সমৰ্থন আগবঢ়াইছে।

  • Share this:
হলিউড অভিনেতা জন কুচাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'ত নিজৰ সমৰ্থন আগবঢ়াইছে। বিগত সময়ছোৱাত কৃষক আন্দোলন প্ৰতিবাদ আৰু ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদলৈ সমৰ্থন আগবঢ়োৱা হলিউড অভিনেতাজনে শনিবাৰে ৰাহুল গান্ধীৰ 'ভাৰত জোৰো যাত্ৰা'ক সমৰ্থন কৰি টুইটাৰত এটা পোষ্ট লিখিছে, ‘‘ভাৰতীয় সংসদৰ সদস্য ৰাহুল গান্ধীয়ে কাশ্মীৰলৈ খোজ কাঢ়ি আছে - কেৰালাৰ পৰা।’’


সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পাছত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক সমৰ্থন কৰাৰ বাবে জন কুচাকক ধন্যবাদ জনাইছিল আৰু অভিনেতাজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈয়, ‘‘হয়, সকলো ঠাইতে সকলো ফেচিষ্ট বিৰোধীৰ প্ৰতি সংহতি!’’


উল্লেখযোগ্য যে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ দীঘলীয়া 'ভাৰত জোৰো যাত্ৰা' ১৫০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু এই যাত্ৰাত প্ৰায় ১২ খন ৰাজ্যক সামৰি লোৱা হ'ব। কেৰালাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আগন্তুক ১৮ দিনৰ বাবে ৰাজ্যখনৰ মাজেৰে পাৰ হ'ব যি ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত উপস্থিত হ'ব। উত্তৰলৈ যোৱাৰ আগতে এই যাত্ৰাটো কৰ্ণাটকত ২১ দিনৰ বাবে থাকিব। জানিব পৰা মতে ৰাহুল গান্ধীৰ পদযাত্ৰাই প্ৰতিদিনে ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

ইফালে, আগন্তুক ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব। ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শুকুৰবাৰে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব নিশ্চিত কৰি কয় যে ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে "গান্ধী পৰিয়ালৰ কোনো সদস্য" পৰৱৰ্তী দলৰ মুৰব্বী নহ'ব।

মন কৰিবলগীয়া কথা কংগ্ৰেছ দলৰ সাংসদ শশী থাৰুৰেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিছে আৰু বিগত সোমবাৰে তেওঁ ছোনিয়া গান্ধীক লগ কৰিছিল। ইয়াৰোপৰি বুধবাৰে তেওঁ কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ মুৰব্বী মধুসূদন মিস্ত্ৰীকো লগ কৰিছিল।

প্ৰসিদ্ধ হলীউদ অভিনেতা জন কুচাকক 'চেৰেণ্ডিপিটি', 'কন এয়াৰ', '২০১২', আৰু 'হাই ফিডেলিটি'ৰ দৰে চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। তেওঁ সামাজিক মাধ্যমত বিশ্বৰ বিভিন্ন বিষয়বোৰৰ বিষয়ে যথেষ্ট সৰৱ বুলিও জনাজাত।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি