Annabel Comes Home ছবিখন চাই মৃত্যুক সাৱটিলে ৭৭ বছৰীয়া বৃদ্ধই

ইয়াৰ পূৰ্বে ২০১৬ত অন্ধ্ৰপ্ৰদেশত The Conjuring 2 চাই থকাৰ সময়তে এগৰাকী ৬৫ বছৰীয়া লোক এজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছিল।

News18-Assam
Updated:July 9, 2019, 5:04 PM IST
Annabel Comes Home ছবিখন চাই মৃত্যুক সাৱটিলে ৭৭ বছৰীয়া বৃদ্ধই
ইয়াৰ পূৰ্বে ২০১৬ত অন্ধ্ৰপ্ৰদেশত The Conjuring 2 চাই থকাৰ সময়তে এগৰাকী ৬৫ বছৰীয়া লোক এজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছিল।
News18-Assam
Updated: July 9, 2019, 5:04 PM IST
হলীউডৰ হৰৰ ছবি Annabel Comes Home–এ দেশজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। কিন্তু এই ছবিখন চায়ে এগৰাকী বৃদ্ধই নিজৰ প্ৰাণ হেৰুৱাই। থাইলেণ্ডত ছবিগৃহত ছবিখন চাই থাকোতে ৭৭ বছৰীয়া এজন বৃদ্ধ বাৰ্ণাড চেনিঙৰ অকাল মৃত্যুক সাৱটে। মৃত লোকজন এগৰাকী ব্ৰিটিছ নাগৰিক আছিল আৰু ছুটিৰ দিনকেইটা কটাবলৈ থাইলেণ্ডলৈ গৈছিল। এই ছুটিৰ সময়তে তেওঁ ছবিখন চোৱাৰ পৰিকল্পনা কৰিলে। ছবিখন শেষ হোৱাৰ পিছত ছবিগৃহৰ লাইট জ্বলাৰ লগে লগে বাৰ্ণাডৰ কাষৰ ছীটত বহি থকা মহিলাগৰাকীয়ে দেখিলে লোকজন মৃত বুলি।

বাৰ্ণাডক প্ৰত্যক্ষ কৰি মহিলাগৰাকীয়ে জোৰত মাৰিলে চিঞৰ। তেওঁ আপাতকালীন সেৱাৰ বাবে ফোন কৰিলে। কিছুসময়ৰ পিছত বহু লোক উপস্থিত হয় আৰু বাৰ্ণাডৰ শৰীৰ কাপোৰেৰে ঢাকি দিয়া হয়। তাৰ পিছত এম্বুলেঞ্চ মাতি অনা হয়। কোনো এজন লোকে গম নাপালে যে সেই লোকজনৰ মৃত্যু কেতিয়া হ’ল।



স্থানীয় আৰক্ষীক উপস্থিত লোকসকলে খবৰ দিয়ে। এই ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰ মহিলাগৰাকী অসুস্থ হৈ পৰে যদিও এই খবৰটোৰ সত্যতা বৰ্তমানলৈ উলিয়াব পৰা নাই যে প্ৰকৃততে বাৰ্ণাডৰ মৃত্যু ছবিখন চায়েই হৈছিল নে অসুস্থতাৰ বাবে হৈছিল তেওঁৰ মৃত্যু।



 
আৰু চাওক পৰৱৰ্তী বাতৰি