শুকুৰবাৰে ভাৰতে আয়োজক জাপানক (India beat Japan) ৫-৩ ব্যৱধানত পৰাস্ত কৰে। (AP)
Tokyo Olympicsৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় হকী দলটোৱে (Indian Hockey Team) সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। শুকুৰবাৰে ভাৰতে আয়োজক জাপানক (India beat Japan) ৫-৩ ব্যৱধানত পৰাস্ত কৰে।
Tokyo Olympicsৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় হকী দলটোৱে (Indian Hockey Team) সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। শুকুৰবাৰে ভাৰতে আয়োজক জাপানক (India beat Japan) ৫-৩ ব্যৱধানত পৰাস্ত কৰে।
ভাৰতৰ হৈ চিমৰণজিৎ সিং, চামছেৰ সিং আৰু নীলকান্ত শৰ্মাই ১-১ গ'ল কৰে। গুৰজন্ত সিঙে ২ টা গ'ল কৰে। জাপানৰ হৈ তানাকা, ৱাটনাবে আৰু মুৰাটা কাজুমাই গ'ল কৰে। এইটো ভাৰতৰ একেৰাহে তৃতীয় জয়। অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পিছত, ভাৰতীয় দলটোৱে এতিয়া স্পেইন, আৰ্জেণ্টিনাৰ পিছত জাপানক পৰাস্ত কৰিছে। আয়োজক জাপানে এই অলিম্পিকত এখনো মেচ জিকিব নোৱাৰিলে। ভাৰতীয় দলটোৱে যোৱা দুখন মেচ জিকাৰ পিছত উৎসাহ আৰু আত্মবিশ্বাসেৰে জাপানৰ বিৰুদ্ধে খেলিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|