ছচিয়েল মিডিয়াত ইছলাম ধৰ্ম অৱমাননাৰ অভিযোগ, বাংলাদেশত জ্বলাই দিয়া হৈছে ইটোৰ পিছত সিটো হিন্দুৰ ঘৰ

News18 Assam | News18-Assam
Updated:November 5, 2020, 10:12 PM IST
ছচিয়েল মিডিয়াত ইছলাম ধৰ্ম অৱমাননাৰ অভিযোগ, বাংলাদেশত জ্বলাই দিয়া হৈছে ইটোৰ পিছত সিটো হিন্দুৰ ঘৰ
উল্লেখ্য যে, কেইদিন মান পূৰ্বে লালমনিহাট জিলাৰ পাটগ্ৰাম অঞ্চলত শহিদুন্নবী জুয়েল নামৰ এগৰাকী ৫০ বছৰীয়া লোকক ধৰ্ম অবমাননা কৰাৰ অভিযোগত মাৰধৰ কৰা হৈছিল।

উল্লেখ্য যে, কেইদিন মান পূৰ্বে লালমনিহাট জিলাৰ পাটগ্ৰাম অঞ্চলত শহিদুন্নবী জুয়েল নামৰ এগৰাকী ৫০ বছৰীয়া লোকক ধৰ্ম অবমাননা কৰাৰ অভিযোগত মাৰধৰ কৰা হৈছিল।

  • Share this:
ছচিয়েল মিডিয়াত ইছলাম ধৰ্ম অৱমাননা কৰাৰ অভিযোগ। ইয়াৰ পিছতেই এটাৰ পিছত আন এটা হিন্দু ধৰ্মীয় লোকৰ ঘৰ জ্বলাই দিয়া হৈছে বাংলাদেশত। ঘটনাৰ স্থান কুমিল্লাৰ মুৰাদনগৰ উপজিলাৰ কোৰবানপুৰ গাঁৱত। দেওবাৰে সন্ধিয়া সেই অঞ্চলত সংঘটিত হয় হিংসাত্মক ঘটনা। পিছত স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাত প্ৰায় ১০টা পৰিয়ালে হেৰুৱাই নিজৰ ঘৰ-মাটি। এই পৰ্যন্ত ঘটনাত জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগে লগে ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য দিয়াৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাৰ সূত্ৰপাত হয় শনিবাৰে, ৩১ অক্টোবৰত। এটা আপত্তিজনক মন্তব্য ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে শনিবাৰে কোৰবানপুৰ অঞ্চলত স্থানীয় একাংশ লোকে ইউ পি চেয়াৰমেন বনকুমাৰ শিবেৰ অফিচ সহ বহু ঘৰত অগ্নি সংযোগ কৰে। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসক আবুল ফজল মীৰ।

উল্লেখযোগ্য যে, ফ্ৰান্সৰ পৰিস্থিতিকলৈও উত্তাল হৈ আছে বাংলাদেশ।
Published by: Himangshu Bhuyan
First published: November 5, 2020, 10:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading