পোলেণ্ডত দ্বিতীয়টো স্বৰ্ণ জয় অসম কন্যা হিমা দাসৰ

কুটন’ এথলেটিক্ছ মিটত স্বৰ্ণ পদক অৰ্জন হিমাৰ

News18-Assam
Updated:July 8, 2019, 8:20 AM IST
পোলেণ্ডত দ্বিতীয়টো স্বৰ্ণ জয় অসম কন্যা হিমা দাসৰ
কুটন’ এথলেটিক্ছ মিটত স্বৰ্ণ পদক অৰ্জন হিমাৰ
News18-Assam
Updated: July 8, 2019, 8:20 AM IST
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা হিমা দাস। পোলেণ্ডত চলি থকা কুটন’ এথলেটিক্ছ মিটত এইবাৰ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে হিমা দাস। মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমাই। হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত ৰয়। উল্লেখযোগ্য যে এসপ্তাহৰ ভিতৰত  হিমা দাসৰ এইয়া দ্বিতীয়টো স্বৰ্ণ জয়। ইয়াৰ আগতে মঙলবাৰে পজনান এথলেটিক্ছ গ্ৰেণ্ড প্ৰিক্সতো পাইছিল সোণ।
আৰু চাওক পৰৱৰ্তী বাতৰি