ট্ৰেকট সোণ বুটলিছে হিমাই, ৩ সপ্তাহত স্বৰ্ণকন্যাৰ পঞ্চমটো স্বৰ্ণপদক

News18-Assam
Updated:July 21, 2019, 9:55 AM IST
ট্ৰেকট সোণ বুটলিছে হিমাই, ৩ সপ্তাহত স্বৰ্ণকন্যাৰ পঞ্চমটো স্বৰ্ণপদক
৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব।

৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব।

  • Share this:
ট্ৰেকট ইটোৰ পিছত সিটো স্বৰ্ণপদক লাভ কৰিছে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে। এইবাৰ চেক গণৰাজ্যত আন এটা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই।

ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।



তদুপৰি ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীটতো আঁজুৰি আনিছিল স্বৰ্ণপদক। ২৩.৪৩ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পন্ন কৰি হিমাই জিনিছিল সোণ। পোলেণ্ড গ্ৰেণ্ড প্ৰিক্স আৰু কুটন’ এথলেটিকছ মীটৰ ২০০ মিটাৰতো স্বৰ্ণ জিনিছিল অসম সন্তান হিমাই।

হিমাৰ এই সফলতাত আনন্দিত দেশবাসী। সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে স্বৰ্ণকন্যাক। ছচিয়েল মিডিয়াটো দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিয়ে শুভেচ্ছা জনাইছে অসম কন্যাগৰাকীক।
আৰু চাওক
পৰৱৰ্তী বাতৰি