চুৰি কৰাৰ পৰিণাম ভুগিলে এজন প্ৰৱাসী ভাৰতীয়ই। কৰ্মসূত্ৰে লণ্ডনত থকা এগৰাকী প্ৰৱাসী ভাৰতীয়ই কাৰ্যালয়ৰ কেণ্টিনৰ পৰা খাদ্য চুৰি কৰি হেৰুৱাবলগীয়া হ’ল চাকৰি। চুৰি কৰি বাৰ্ষিক ৯.২ কোটি টকা উপাৰ্জন কৰা চাকৰিটো হেৰুৱাই পৰশ শ্বাহ নামৰ লণ্ডন নিৱাসী প্ৰৱাসী ভাৰতীয় জনে।
পৰশ শ্বাহ লণ্ডনত অৱস্থিত চিটিবেংকৰ ইউৰোপৰ মুখ্য কাৰ্য্যালয়ত কৰ্মৰত আছিল। কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অপৰাধত চিটিবেংকে তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰে। উল্লেখযোগ্য যে, পৰশ শ্বাহ ২০১৭ চনত চিটিবেংকত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে ৭ বছৰ সময় তেওঁ HSBCত কৰ্মৰত আছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 07, 2020, 17:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।