মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »স্বচ্ছ আইনাৰে বনোৱা হৈছে ৰাজহুৱা শৌচাগাৰ, কাৰণ জানিলে আচৰিত হ’ব আপুনি

স্বচ্ছ আইনাৰে বনোৱা হৈছে ৰাজহুৱা শৌচাগাৰ, কাৰণ জানিলে আচৰিত হ’ব আপুনি

  • Share this:
সম্পূৰ্ণ স্বচ্ছ গ্লাচেৰে নিৰ্মাণ কৰা এটা ৰাজহুৱা শৌচাগাৰ । গ্লাচৰ মাজেৰে বাহিৰৰ পৰা ভালদৰে দেখা পোৱা যায় ভিতৰত কি আছে । ৰাজহুৱা স্থানত স্থাপন কৰা এই বিশেষ পাব্লিক টয়লেটে শেহতীয়াকৈ বিশ্বৰ বিভিন্ন স্থানত চৰ্চা লাভ কৰিছে।



ব্যৱহাৰ নকৰিলে টয়লেটৰ ভিতৰখন বাহিৰৰ পৰা দেখা পোৱা যায় যদিও কোনো লোক টয়লেটৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি দিলে স্মাৰ্ট গ্লাছেৰে নিৰ্মিত টয়লেটটোৰ গ্লাছসমূহ ৰঙীন হৈ পৰে যাৰ বাবে বাহিৰৰ পৰা ভিতৰখন দেখা নোপোৱা হৈ পৰে ।



জাপানৰ টকিঅ'ৰ কেইখনমান পাৰ্কত এইবাৰ অনুস্থিত হব লগা অলিম্পিক গেমৰ পূৰ্বে স্থাপন কৰা হৈছে এই অগতানুগতিক হাইটেক পাব্লিক টয়লেট ।

Pritzker বটা লাভ কৰিবলৈ সক্ষম হোৱা আৰ্কিটেক্সাৰ ফাৰ্ম Shigeru Ban Architects য়ে জাপানৰ অতিকৈ ব্যস্ততাপূৰ্ণ নগৰ চিবুয়াৰ দুখন পাৰ্কত এই গ্লাছৰ টয়লেট নিৰ্মাণ কৰিছে । 

জাপানৰ এই টয়লেট প্ৰকল্পৰ চৰকাৰী ৱেবচাইট Tokyotoilet.jp ত প্ৰকাশ কৰা মতে দুটা বিষয়ৰ ওপৰত গুৰত্ব আৰোপ কৰি এই স্বচ্ছ টয়লেট নিৰ্মাণ কৰা হৈছে ।

ইয়াৰে প্ৰথম উদ্দেশ্যটো হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দ্বিতীয় কাৰণটো হল টয়লেটৰ ভিতৰত কোনোবা আছে নেকি সেয়া জানিব পৰাটো ।
এই দুটা উদ্দেশ্য আগত ৰাখিয়েই Shigeru Ban Architects য়ে ডিজাইন কৰি উলিয়ালে এই বিশেষ গ্লাছেৰে নিৰ্মিত স্বচ্ছ টয়লেট । ইয়াৰ জৰিয়তে টয়লেটৰ ভিতৰখন বাহিৰৰ পৰাই চাব পৰা যায় আৰু কোনো লোকে ইয়াক ব্যৱহাৰ কৰিবলৈ দুৱাৰখন বন্ধ কৰিলেই গ্লাছসমূহ অস্বচ্ছ হৈ পৰে আৰু ব্যৱহাৰকৰোতাৰ গোপনীয়তা ৰক্ষা হয় ।

কিন্তু এই গ্লাছৰ পাব্লিক টয়লেটক লৈ স্থানীয় নাগৰিকসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতৰ মতে এই টয়লেট ব্যৱহাৰ কৰাৰ সময়ত মেচিনসমূহে ভালদৰে কাম নকৰিলে বা দুৱাৰখন বন্ধ কৰোতে ভুল কৰিলে আইনাসমূহ অস্বচ্ছ হৈ নপৰিব আৰু বাহিৰৰ পৰা সকলো দেখা পোৱা যাব ।

বিশেষকৈ মহিলাসকলে এই ট্ৰেন্সপাৰেন্ট টয়লেট ব্যৱহাৰ কৰোতে নিজৰ গোপনীয়তাক লৈ অস্বস্তিত পৰাটো স্বাভাৱিক বুলি চৰ্চিত হৈছে ।
এই টয়লেটত এজন লোকে ভালদৰে দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি যোৱাৰ ফলত তেও টয়লেটৰ ভিতৰত কি কৰিলে সেই দৃশ্য বাহিৰত থকা লোকসকলে দেখি থকাত বহু লোক অস্বস্তিত পৰিব লগা ঘটনাও হৈছে ।

মানৱীয় ভুলৰ বাবে বহু লোকে নিজৰ গোপনীয়তাক সংকটত পেলাবলৈ ইচ্ছুক নহয় বুলিও মত প্ৰকাশ কৰিছে । একাংশ লোকে ইটা , কংক্ৰিটৰ জৰিয়তে ৰাজহুৱা শৌচাগাৰসমূহ অধিক পৰিস্কাৰ আৰু সুবিধাজনক ভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।
জাপানৰ এই পাব্লিক টয়লেটসমূহৰ পৰা শিকিব লগিয়া কথা বহু আছে । কাৰণ জাপানত টয়লেটৰ ওপৰত ইতিমধ্যে বহু সম্পৰীক্ষা কৰা হৈছে ।

ব্যৱহাৰ কৰোতাৰ সুবিধা হোৱাকৈ ন ন কৌশলৰ উদ্ভাৱন কৰা হৈছে । জাপানৰ পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2017 চনৰ পৰা 2019 চনৰ ভিতৰত জাপানৰ তিনি শতাধিক পাব্লিক টয়লেটৰ আধুনিকীকৰণ কৰা হৈছে ।

পূৰ্বে দেশখনৰ 40% টয়লেটেই ৱেষ্টাৰ্ণ টাইপৰ নাছিল । কিন্তু পাব্লিক টয়লেটত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা চৰকাৰৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে বহুজনে ।

জাপানত নাগৰিক তথা পৰ্যটকসকলৰ সুবিধাৰ প্ৰতি ৰাখি পাব্লিক টয়লেটসমূহৰ ডিজাইনিঙৰ বাবে চৰকাৰে নামি-দামী প্ৰতিষ্ঠানক দায়িত্ব দিছে । কিন্তু তেনে কথা বাৰু ভাৰতত আমি কল্পনা কৰিব পাৰোনে !

শেহতীয়া বাতৰি