এগৰাকী মাতৃয়েই হৈছে সন্তানৰ বাবে সৰ্বোত্তম আশ্ৰয়। মাকৰ কোলাত এটি সন্অতানে যি নিৰাপত্তাা অনুভৱ কৰিব পাৰে পৃথিৱীৰ আন কাৰো ওচৰত নোৱাৰে। কিন্তু তাৰ মাজতো এনে কিছুমান মাতৃ থাকে যাৰ কাণ্ড-কাৰখানা শুনিলে বিশ্বাস কৰিবলৈকে কঠিন হৈ পৰে। যি মাতৃয়ে সন্তানৰ সমস্ত অপৰাধ আওকাণ কৰিও সন্তানক সুৰক্ষা দিয়ে সেই মাতৃয়েই সন্তানৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰিব পাৰেনে! শুনিলেও আচৰিত লাগে এনে কথা।এইগৰাকী ৰাছিয়ান মাতৃৰ (Russian Mother) কাণ্ডৰ কথা শুনিলে কোনোৱেও বিশ্বাসেই নকৰিব। আলপ্ৰিকা ৰেনে (Alprika Raine) নামৰ মাতৃগৰাকীয়ে তেওঁৰ ৬ বছৰীয়া জীয়েকৰ ((Mother Tortured Own Daughter) ওপৰত যেনেদৰে অত্যাচাৰ চলাইছিল যে ছোৱালীজনীয়ে কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈও পাহৰি গৈছিল। যেতিয়া আন মাতৃয়ে তেওঁলোকৰ সন্তানক বুকুত লৈ মৰম আদৰ কৰি লৈ ফুৰিছিল, তেতিয়া আলপ্ৰিকা ৰেনে নামৰ নিৰ্মম মাতৃগৰাকীয়ে তেওঁৰ ৩ বছৰীয়া জীয়েকক ১৯টা মেকুৰীৰ মাজত এৰি থৈ (Girl Raised by Cats) আহিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল। কেঁচুৱাজনীয়ে ৩ বছৰ খিৰিকী নথকা এটা আন্ধাৰ কোঠাত এই মেকুৰীবোৰৰ মাজতে জীয়াই আছিল। তাই খাবলৈও মেকুৰীৰ খাদ্যহে পাইছিল (Girl Survived on Cat Food) আৰু মাকে এই ৩ বছৰ নিজে তাইক চাবলৈ এদিনো অহা নাছিল। এনেদৰে শিশুটি ৩ বছৰ জীয়াই আছিল।
ছোৱালীজনীয়ে নিজকে মেকুৰী বুলি ভাবিবলৈ আৰম্ভ কৰিছিল-মস্কো (Moscow)ৰ ওচৰৰ টালডম (Taldom)ত বাস কৰা আলপ্ৰিকাই তেওঁৰ জীয়েকক মেকুৰীৰ মাজত এৰি থৈ অহাৰ সময়ত ছোৱালীজনীৰ বয়স মাত্ৰ ৩ বছৰ আছিল। ৩৫ বছৰীয়া মাতৃগৰাকীয়ে নিজে তেওঁৰ ডাঙৰ জীয়েকৰ সৈতে এটা সুন্দৰ ঘৰত বাস কৰিছিল কিন্তু সৰু ছোৱালীজনীক জন্তুবোৰৰ সৈতে আন্ধাৰ কোঠাত আবদ্ধ কৰি ৰাখিছিল। কেঁচুৱাটোৱে মেকুৰীলৈ অনা খাদ্যহে খাবলৈ পাইছিল। যেতিয়া শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল, কণমানিজনীয়ে মানুহৰ ভাষা বুজি পোৱা নাছিল, কিন্তু মেকুৰীবোৰে মাত দিলে ইফাল সিফাল কৰি ফুৰিছিল। আনকি শিশুটিয়ে মেকুৰিবোৰৰ দৰে চাৰিখন ভৰিৰে খোজ কাঢ়িছিল, তাইক কিটি বুলি মাতিলে কিবা বুজি পোৱাৰ দৰে কৰিছিল। ৰেনে নিজে ৮-১০ দিনত এবাৰ কৈ লেতেৰা পৰিষ্কাৰ কৰিবলৈ সেই ঠাইলৈ গৈছিল।
মাতৃগৰাকীক ৩ বছৰৰ কাৰাদণ্ড:যেতিয়া আলপ্ৰিকোক সোধা হৈছিল যে তেওঁ নিজৰ সন্তানৰ প্ৰতি কিয় এনে কৰিছিল, এই প্ৰশ্নৰ উত্তৰত, মাতৃগৰাকীয়ে এটা টিভি সাক্ষাৎকাৰত কৈছিল যে তেওঁ ৩ বছৰ বয়সত তেওঁৰ জীয়েকৰ স্বভাৱৰ এক অদ্ভুত পৰিৱৰ্তন দেখিছিল, যাৰ পিছত তেওঁ কেঁচুৱাটোক মেকুৰীৰ সৈতে এটা অন্ধকাৰ কোঠাত বন্দী কৰি ৰাখিছিল আৰু তেওঁৰ ডাঙৰ জীয়েকক নিজৰ
লগত ৰাখিছিল। ৰহস্যটো পোহৰলৈ আহিছিল যেতিয়া আৰক্ষী বিষয়াসকলে এজন বৃদ্ধক মেকুৰীকেইটাক থকা ঘৰটোলৈ অহা-যোৱা কৰা দেখা পাইছিল। এই মানুহজন নিষ্ঠুৰ মাতৃৰ আত্মীয় আছিল যিয়ে শিশুটিৰ ওপৰত চলা অত্যাচাৰত কোনো বাধা দিয়া নাছিল। Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|