বোমা বিস্ফোৰণত বিধ্বস্ত ঘৰত ৫বছৰীয়া কন্যাই প্ৰাণ দি ৰক্ষা কৰিলে সাতমহীয়া ভগ্নীক

মৰ্মন্তুদ ঘটনাৰ দৃশ্যই কঁপাইছে বিশ্ব।

News18
Updated:July 27, 2019, 12:47 PM IST
বোমা বিস্ফোৰণত বিধ্বস্ত ঘৰত ৫বছৰীয়া কন্যাই প্ৰাণ দি ৰক্ষা কৰিলে সাতমহীয়া ভগ্নীক
মৰ্মন্তুদ ঘটনাৰ দৃশ্যই কঁপাইছে বিশ্ব।
News18
Updated: July 27, 2019, 12:47 PM IST
এই মৰ্মন্তুদ ঘটনা সংঘটিত হৈছে চিৰিয়াৰ ইদলিবত। বিমানেৰে নিক্ষেপ কৰা বোমাত বিধ্বস্ত হোৱা এটা ভৱনৰ ধ্বংসস্তুপত দেখা পোৱা যায় এগৰাকী ৫বছৰীয়া কন্যাক। কন্যা শিশুটিয়ে নিজৰ সাতমহীয়া ভগ্নীক সাৱটি আছিল। এই ছবিৰ পৰা পোহৰলৈ আহে যে আক্ৰমণৰ সময়ত নিজৰ কণমানি ভগ্নীক বুকুত সোমোৱাই সাৱটি আছিল জ্যেষ্ঠ ভগ্নীয়ে। এই ছবিখনে বিশ্বৰ বুকুত খলকনি তোলাৰ আন এক কাৰণ হৈছে ছবিখনত কণমানিকেইজনীৰ পিতৃয়ে মুৰত হাত দি দুই জীয়ৰিৰ এই ভয়ংকৰ পৰিণতি দেখি কান্দি আছে আৰু মানুহৰ পৰা সহায় ভিক্ষা কৰি আছে। দুয়োগৰাকী কন্যাক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কন্যাই। সাতমহীয়া কন্যাটিৰ অৱস্থাও গুৰুতৰ আৰু জীৱন–মৃত্যুৰ মাজত দোলা কৰি আছে।




দেশখ‍নৰ এটা স্থানীয় ৱেবছাইটত ফটোগ্ৰাফাৰ বছৰ অল শ্বেখে তোলা এই ফটো প্ৰকাশ পায়। খবৰ অনুসৰি চিৰিয়াৰ চৰকাৰে নিজৰ সহযোগী ৰাছিয়াৰ সৈতে মিলি বোমাৰে আক্ৰমণ কৰি আছে। এই আক্ৰমণতে এটা ভৱন বিধ্বস্ত হৈছিল। এই আক্ৰমণৰ সময়ত পাঁচ বছৰীয়া ৰিহম অল আব্দুল্লাই নিজৰ সাতমহীয়া ভগ্নী তুকা আৰু দলিয়াৰ সৈতে ঘৰৰ ভিতৰত আছিল। যি সময়ত আক্ৰমণত সংঘটিত হৈছিল সেই সময়তো ৰিহমে নিজৰ ভগ্নীৰ টি–শ্বাটটো ধৰি আছিল। ফটোত দুয়োগৰাকী কন্যাৰ পিতৃ আমজাদে সহায়ৰ কাৰণে চিঞৰি থকা দেখা গৈছে।

তৃতীয় গৰাকী ভগ্নী দলিয়াও এই আক্ৰমণত আহত হয় যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটৰ বাহিৰত। আক্ৰমণত মাতৃ আৰু এগৰাকী ভগ্নী থিতাতে নিহত হয়। ঘৰৰ মালিক আমজাদ আৰু তেওঁৰ পত্নীয়ে ছগৰাকী কন্যাৰ সৈতে ঘৰটোত আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি