মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Village on Sale : আজৱ কাণ্ডৰে পূৰ্ণ আৰু ৰহস্যময় এখন গাঁও, ৯৫ বছৰ ধৰি খালী হৈ আছে । ১৭ শতিকাৰ এইখন গাঁও আপুনি কিনিব নেকি?

Village on Sale : আজৱ কাণ্ডৰে পূৰ্ণ আৰু ৰহস্যময় এখন গাঁও, ৯৫ বছৰ ধৰি খালী হৈ আছে । ১৭ শতিকাৰ এইখন গাঁও আপুনি কিনিব নেকি?

representative image/image: walkhighlands

গ্ৰেট বৃটেইনৰ উত্তৰে থকা স্কটলেণ্ডৰ পাৰ্থছায়াৰৰ লৱাৰ  (Lawers) নামৰ গাঁওখন বিক্ৰী কৰিব। গাঁওখনৰ দাম হ'ল ১ কোটি ২৮ লাখ  ৯১ হাজাৰ ৭০০ টকা বা ১,৭৩০০০ আমেৰিকান ডলাৰ।

  • Share this:
প্ৰায় এশ বছৰ হ'ল, প্ৰকৃততে ৯৫ বছৰ, খালী হৈ আছে এখন গাঁও। ১৯২৬  চনৰ পৰা গাঁওখনত নাই এজনো বাসিন্দা। জন-প্ৰাণীবিহীন এই গাঁওখনলৈ কোনো নাযায়। ১৭ শতিকাৰ ঘৰবোৰ জহি-খহি গৈছে। উৱলি গৈছে ঘৰবোৰৰ দেৱাল, ছাদ আদি। ১৮৪১ চনত হোৱা লোকপিয়লত গাঁওখনত আছিল মাত্ৰ ১৭ গৰাকী বাসিন্দা। ১৮৯১ চনত এই সংখ্যা কমি হ'লগৈ মাত্ৰ ৭ গৰাকী। ১৯২৬ চনৰ পৰা গাঁওখনত নাই এজনো বাসিন্দা।

৩.৩১ একৰ ভূমি সামৰি থকা গাঁওখনৰ সৌন্দৰ্য কিন্তু কোনো গুণেই কম নহয়। যিজনে এই গাঁওখন কিনিব তেওঁ গাওঁখনৰ গাতে লাগি থকা সাগৰ তীৰৰ স্বত্বও লাভ কৰিব কৰিব। গাঁওখনত থকা সৰু হ্ৰদটোৰো স্বত্ব লাভ কৰিব আৰু তাত মাছ মাৰি উপাৰ্জন কৰিব পাৰিব।

এই গাঁওখন আছে স্কটলেণ্ডত। গ্ৰেট বৃটেইনৰ উত্তৰে থকা স্কটলেণ্ডৰ পাৰ্থছায়াৰৰ লৱাৰ  (Lawers) নামৰ গাঁওখন বিক্ৰী কৰিব। কিন্তু প্ৰায় এশ বছৰে জনশূন্য হৈ থকা গাঁওখন কিনিব কোনে!

আচল কথাটো হ'ল গাঁওখন যদি আপুনি কিনে তেন্তে আপুনি সংগী হিচাপে পাব অশৰীৰি আত্মা। মানুহে এতিয়াও বিশ্বাস কৰে যে গাঁওখনত এগৰাকী মহিলাৰ আত্মাই বিচৰণ কৰে। লোকবিশ্বাস আছে যে এই মহিলাগৰাকী (Lady of Lawers) এগৰাকী মঙলতী আছিল আৰু তেওঁ কৰা ভৱিষ্যত বাণী আজিও হেনো ফলিয়ায়। হয়তো এইগৰাকী মঙলতীৰ কাৰণেই গাঁওখনত  এজন এজনকৈ বাসিন্দা কমি আহিছিল আৰু নতুনকৈ কোনোৱেই তালৈ যোৱা নাছিল।

জন লেম্বাৰ্ট নামৰ লোকজনে কয় যে এবাৰ হেনো গাঁওখনৰ গীৰ্জাৰ কাষতে মঙলতীগৰাকীয়ে এজোপা গছ ৰুইছিল আৰু কৈছিল যে গছজোপা গীৰ্জাৰ চুড়াৰ সমান হ'লেই গীৰ্জাটো ধ্বংস হ'ব। সচাকৈ পিছত এবাৰ বজ্ৰপাতত গীৰ্জাটো ক্ষতিগ্ৰস্ত হৈছিল আৰু গছজোপাও লগে লগে মৰি গৈছিল। তাৰ পিছত গাঁৱৰ লোকে সেই গীৰ্জাটো হেনো ব্যৱহাৰ কৰা নাই।

এতিয়া প্ৰায় এশ বছৰ পাছত গাঁওখনক লৈ কিছু লোকৰ কৌতুহল হৈছে আৰু কৰ্তৃপক্ষই গাঁওখন বিক্ৰী কৰিব ওলাইছে। আপুনি যদি কিনিব বিচাৰে তেনেহ'লে গাঁওখনৰ দাম হ'ল ১ কোটি ২৮ লাখ  ৯১ হাজাৰ ৭০০ টকা বা ১,৭৩,০০০ আমেৰিকান ডলাৰ।

শেহতীয়া বাতৰি