চুম্বনৰ পৰা আঙুঠি সলোৱালৈ, মাজ সাগৰত অভিনেত্ৰীৰে ৰোমাণ্টিক বাগদান ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াৰ, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 2, 2020, 1:36 PM IST
চুম্বনৰ পৰা আঙুঠি সলোৱালৈ, মাজ সাগৰত অভিনেত্ৰীৰে ৰোমাণ্টিক বাগদান ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াৰ, চাওক VIDEO

  • Share this:
নতুন বছৰৰ প্ৰথম দিনাই চাৰ্বিয়া আৰু ভাৰতৰ মাজত স্থাপন হ’ল এটা সম্পৰ্ক! চাৰ্বিয়াৰ মোহময়ী অভিনেত্ৰীৰ সৈতে বাগদান পৰ্ব সম্পন্ন কৰিলে ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াই। ২০২০ৰ প্ৰথম দিনটোতে চিনেমাৰ কায়দাত এনগেজমেণ্ট কৰিলে হাৰ্দিক পাণ্ডেয়াই। আওৰালে হিন্দী গীতৰ কলি ‘মে তেৰা তু মেৰা জানে সাৰা হিন্দুস্তান’। ইনষ্টাগ্ৰামত পাণ্ডেয়াই শ্বেয়াৰ কৰিলে ধাৰাবাহিক ছবি। ছবিত দেখা গৈছে হাৰ্দিকৰ বুকুৰ মাজত বিদেশী অভিনেত্ৰী নাটাশা ষ্টেনক’ভচি। হাতত ৱাইনৰ গ্লাছ আৰু আঙুলিত জিলিকিছে হীৰাৰ আঙুঠি। সাগৰৰ মাজতে সম্পন্ন দুয়োৰে বাগদান। আন ছবিসমূহতো দেখা গৈছে দুয়োৰে ৰোমাণ্টিত মুহূৰ্ত। প্ৰেয়সী নাটাশাই শ্বেয়াৰ কৰিলে বিশেষ মুহূৰ্তৰ ভিডিও



 





View this post on Instagram




 

Forever yes 🥰💍❤️ @hardikpandya93


A post shared by 🎀Nataša Stanković🎀 (@natasastankovic__) on






বাগদান পৰ্ব সম্পন্ন কৰিয়ে নিউজীলেণ্ডলৈ চাৰিদিনীয়া মেচত অংশ ল’বলৈ ৰাওনা হ’ব হাৰ্দিক। খেলৰ পূৰ্বেই জীৱনৰ ছয় কোবাই ছচিয়েল মিডিয়াত খলকনি তুলিলে যুৱ তাৰকাগৰাকীয়ে। অজস্ৰ অনুৰাগীয়ে তেওঁক জনাইছে শুভেচ্ছা।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি