বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বিপদ! আঘাতপ্ৰাপ্ত হ’ল এগৰাকী অভিজ্ঞ খেলুৱৈ

News18-Assam
Updated:May 28, 2019, 1:25 PM IST
বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বিপদ! আঘাতপ্ৰাপ্ত হ’ল এগৰাকী অভিজ্ঞ খেলুৱৈ
ভাৰতে ৫ জুন তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰিব।

বিশ্বকাপ ক্ৰিকেটলৈ মাজত মাথো কেইদিনমান বাকী। তেনে অৱস্থাত আঘাতৰ সমস্যাই এতিয়া চিন্তা বঢ়াইছে ভাৰতীয় দলৰ। বেটচমেন কেডাৰ যাদৱ আৰু বিজয় শংকৰৰ পিছত আঘাতপ্ৰাপ্ত হয় অন্য এগৰাকী অভিজ্ঞ খেলুৱৈ।

  • Share this:
আঘাতৰ সমস্যাই লগ নেৰা হৈছে বিশ্বকাপলৈ ৰাওনা হোৱা ভাৰতীয় ক্ৰিকেট দলক। দীৰ্ঘসময় ধৰি আঘাত প্ৰাপ্ত হৈ থকা অলৰাউণ্ডাৰ কেডাৰ যাদৱ আৰু বিজয় শংকৰে কিছু উপশম পোৱাৰ পিছত এইবাৰ অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া। এতিয়া আঘাতৰ বাবে মঙলবাৰে বাংলাদেশৰ লগত খেলিব লগীয়া দ্বিতীয়খন প্ৰস্তুতি মেচৰ বাবে মুল একাদশৰ পৰা বিৰত থাকিব লগীয়া হ’ব দলৰ বিস্ফোৰক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।



নেট প্ৰেক্টিচৰ সময়ত বাওঁ কান্ধত আঘাত পায় হাৰ্দিকে। নেট প্ৰেক্টিছত তীব্ৰ গতিত অহা  বল হাৰ্দিকৰ বাওঁ কান্ধত লাগে,ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় খেলুৱৈ গৰকী। আঘাতৰ পিছতে হাৰ্দিকে দিনটোৰ অনুশীলনৰ পৰা অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে।দলৰ ফিজিঅ’ৰ প্ৰচেষ্টাত এতিয়া লাহে লাহে আঘাতৰ পৰা উপশম পাইছে হাৰ্দিক পাণ্ডিয়াই। কিন্তু দলৰ মেনেজমেণ্টৰ পৰা পোৱা তথ্য অনুসৰি সুস্থ হৈ উঠিলেও হাৰ্দিকক মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে খেলখনত জিৰণী দিয়া হ’ব । প্ৰথম প্ৰস্তুতি মেচত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হৈছিল। খেলখনত ভাৰতৰ বেটিং লাইন আপ সম্পূৰ্ণ ৰূপে বিধস্ত হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading