মৃত্যুৰ কোলাত কেৰিবিয়ান দেশ হাইটিৰ ৰাষ্ট্ৰপতি জোভেনেল মোইছ (Jovenel Moïse)। ঘৰত সোমাই নিৰ্বিচাৰ গুলীচালনাৰে তেওঁক হত্যা কৰা হৈছে। দেশখনৰ অন্তৰ্ৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ দ্বাৰা জনোৱা হৈছে এই তথ্য। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰপতিক তেওঁৰ ব্যক্তিগত বাসভৱনত হত্যা কৰা হৈছে। প্ৰধানমন্ত্ৰী ক্লড যোছেফে ((Claude Joseph) কয় যে বুধবাৰে ৰাতিপুৱা এই মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল। ৰাষ্ট্ৰপতিৰ লগতে তেওঁৰ পত্নীকো গুলীয়াই হত্যাৰ চেষ্টা কৰা হৈছিল। তেওঁ বৰ্তমান হাস্পতালত চিকিৎসালয়ত চিকিৎসাধীন।
উল্লেখ্য, হাইটিত ফেব্ৰুৱাৰীত চৰকাৰবিৰোধী প্ৰবল প্ৰতিবাদ হোৱা দেখা গৈছিল। মোইছৰ ৰাষ্ট্ৰপতিত্বৰ বৈধতাক লৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল। দেশত ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই হত্যাকাণ্ড সংঘটিত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|