চকু মেল খালে পাকিস্তানৰ, সন্ত্ৰাসবাদী হাফিজ ছঈদক লাহোৰত গ্ৰেপ্তাৰ

News18-Assam
Updated:July 17, 2019, 1:25 PM IST
চকু মেল খালে পাকিস্তানৰ, সন্ত্ৰাসবাদী হাফিজ ছঈদক লাহোৰত গ্ৰেপ্তাৰ
লাহোৰৰ পৰা গুজৰাংৱালালৈ গৈ থকাৰ সময়তে হাফিজক গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীৰ এছ টি ডিৰ দলে।

লাহোৰৰ পৰা গুজৰাংৱালালৈ গৈ থকাৰ সময়তে হাফিজক গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীৰ এছ টি ডিৰ দলে।

  • Share this:
পুলৱামা, উৰী আৰু মুম্বাই আক্ৰমণকে ধৰি ভাৰতত সংঘটিত কৰা কেইবাটাও আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদক গ্ৰেপ্তাৰ। পাকিস্তানৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জামাত–উদ–দাৱাৰ মুৰব্বী হাফিজ ছঈদক লাহোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ২০০৯ চনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগানৰ এক গোচৰত পঞ্জাব আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী বিভাগে গ্ৰেপ্তাৰ কৰে হাফিজ ছঈদক। সম্প্ৰতি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজ ছঈদক।

আৰক্ষীয়ে হাফিজ ছঈদৰ লগতে জামাত–উদ–দাৱাৰ ১৩ নেতাৰ বিৰুদ্ধে ২৩টা গোচৰ ৰুজু কৰিছিল। লাহোৰৰ পৰা গুজৰাংৱালালৈ গৈ থকাৰ সময়তে হাফিজক গ্ৰেপ্তাৰ কৰে পঞ্জাব আৰক্ষীৰ এছ টি ডিৰ দলে। উল্লেখযোগ্য যে হাফিজ ছঈদৰ সংগঠন জামাত–উদ–দাৱাক লস্কৰ–ই–তৈবাৰ মুখ্য সহযোগী হিচাপে জনা যায়। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড এইজন হাফিজ ছঈদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছিল। হাফিজ ছঈদৰ ওপৰত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইন ১৯৯৭ৰ অধীনত জামাত–উদ–দাৱা আৰু ফলাহ–এ–ইনছানিয়তৰ ওপৰত জাৰি কৰিছিল নিষেধাজ্ঞা।
আৰু চাওক
পৰৱৰ্তী বাতৰি