কইনা ক’ৰবাতে থাকিল! মধুচন্দ্ৰিকালৈ লগত লৈ যোৱা কইনাৰ মাককে বিয়া পাতিলে দৰাই

News18 Assam | News18-Assam
Updated:January 25, 2020, 10:18 AM IST
কইনা ক’ৰবাতে থাকিল! মধুচন্দ্ৰিকালৈ লগত লৈ যোৱা কইনাৰ মাককে বিয়া পাতিলে দৰাই
প্ৰতীকী ফটো

জীয়ৰীকে প্ৰতাৰণা কৰিলে মাতৃয়ে

  • Share this:
আচৰিত ঘটনা! বিয়াৰ পিছত মধুচন্দ্ৰিকালৈ যাওতে জীয়ৰীয়ে লগতে নিজৰ মাককো লৈ গৈছিল। কিন্তু তাতেই লাগিল অথন্তৰ। জীয়েক ক’ৰবাতে থাকিল। নিজৰ জোঁৱায়েকৰ সৈতে বিয়া হৈ গুচি গ’ল মাতৃ।

কইনাৰ নাম লোৰেণ। ২০০৪ চনত পল নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল লোৰেণ। কিন্তু বিয়াৰ দিনা দুয়োকে আশীৰ্বাদ দিয়া লোৰেণৰ মাতৃ জুলীয়েই প্ৰতাৰণা কৰিলে লোৰেণক। এই কথা নিজ মুখে স্বীকাৰ কৰিছে লোৰেণে।

মধুচন্দ্ৰিকাৰ পৰা অহাৰ পিছত কেইদিনমান একেলগে আছিল পল আৰু জুলী। কিন্তু এদিন হঠাৎ খবৰ নোহোৱা হয় দুয়োৰে। পিছত লোৰেণে সম্বন্ধীয় লোকৰ পৰা খবৰ পাই যে, পল আৰু জুলীয়ে একেলগে কৰিছে সংসাৰ। আনকি তেওঁলোকৰ এটি সন্তানো জন্ম হৈছে। খবৰ পোৱাৰ কিছু দিনৰ পিছতে সকলোকে দেখুৱাই বিয়া পাতে পল আৰু জুলীয়ে। বিবাহ অভ্যৰ্থনাত আনকি লোৰেণো উপস্থিত থাকে। ঘটনাটো সংঘটিত হৈছে লণ্ডনত।
আৰু চাওক
পৰৱৰ্তী বাতৰি