ড’নাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ গ্ৰেটা থুনবাৰ্গৰ, ট্ৰাম্পৰ ভাষাৰেই উভতি ধৰিলে গ্ৰেটাই!

News18 Assam | News18-Assam
Updated:November 6, 2020, 1:33 PM IST
ড’নাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ গ্ৰেটা থুনবাৰ্গৰ, ট্ৰাম্পৰ ভাষাৰেই উভতি ধৰিলে গ্ৰেটাই!
ট্ৰাম্পৰ এই টুইটৰ প্ৰত্যুত্তৰ দিলে প্ৰকৃতিৰ হৈ কাম কৰা ছুইডেনৰ গ্ৰেটা থুনবাৰ্গে।

ট্ৰাম্পৰ এই টুইটৰ প্ৰত্যুত্তৰ দিলে প্ৰকৃতিৰ হৈ কাম কৰা ছুইডেনৰ গ্ৰেটা থুনবাৰ্গে।

  • Share this:
আমেৰিকাৰ নিৰ্বাচনৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰ। ভোট গণনাত ট্ৰাম্পতকৈ আগত বাইডেন। কিন্তু ট্ৰাম্পে যেন মানি ল’ব নোখোজে। জো বাইডেনৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ পিছত সিটো অভিযোগ। ভোট গণনাত খেলিমেলিৰ অভিযোগত দ্বাৰস্থ হৈছে ছুপ্ৰিম ক’ৰ্টৰ। ক্ষুব্ধ ট্ৰাম্পে টুইটাৰযোগেও উজাৰিছে নিজৰ ক্ষোভ। পৰাজয় নিশ্চিত দেখি ভোট গণনাত খেলিমেলি হোৱাৰ অভিযোগ তুলি ভোটগণনা বন্ধ কৰাৰো দাবী তুলিলে ট্ৰাম্পে।

বিভিন্ন অভিযোগত ট্ৰাম্পৰ ইটোৰ পিছত সিটো টুইট। ইয়াৰ মাজতে ট্ৰাম্পে দাবী তুলিলে ভোটগণনা বন্ধ কৰাৰ। টুইটাৰত লিখিলে – ‘STOP THE COUNT!'

ট্ৰাম্পৰ এই টুইটৰ প্ৰত্যুত্তৰ দিলে প্ৰকৃতিৰ হৈ কাম কৰা ছুইডেনৰ গ্ৰেটা থুনবাৰ্গে। ট্ৰাম্পৰ শব্দৰেই ট্ৰাম্পক উভতি ধৰিলে গ্ৰেটাই।

কিছুমাহ পূৰ্বে গ্ৰেটাক খং নকৰিবলৈ কৈছিল ট্ৰাম্পে। সেই টুইটটোকে এটাও শব্দ ইফাল–সিফাল নকৰাকৈ কেৱল নামটো সলনি কৰি টুইট কৰিলে গ্ৰেটাই। গ্ৰেটাৰ এই টুইট ভাইৰেল হৈ পৰিছে।

Published by: Sanjay Kumar Das
First published: November 6, 2020, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading