প্ৰায় ৭০ বছৰৰ মূৰত দেখা গৈছে এটি পখী। ঘন সেউজীয়া ৰঙৰ সৰু আকাৰৰ পখীটিৰ মাত অতি সুমধুৰ। কিন্তু ৭০ বছৰ ধৰি নাইকিয়া হৈছিল এই চৰাইবিধ। গ্ৰীন ব্ৰডবিল নামৰ এই চৰাইটো দেখা গৈছে ছিংগাপুৰত। এসময়ত বহুল ৰূপত প্ৰত্যক্ষ কৰা চৰাইটো বিলুপ্ত হোৱা বুলি ধৰি লৈছিল দেশখনে। কিন্তু যোৱা ২৭ জুনত ছিংগাপুৰৰ এটা দ্বীপত ইয়াক প্ৰত্যক্ষ কৰা গৈছে।
যোৱা শতিকাৰ চল্লিশৰ দশকত বোৰ্নিও, সুমাত্ৰা আৰু মালয় উপদ্বীপৰ প্ৰকৃতিত অবাধ বিচৰণ আছিল ইয়াৰ। ডাঠ সেউজীয়া গাৰ ৰঙৰ মাজত পাখিত মিশ্ৰিত ক'লা ৰঙেৰে অতি সৰু আৰু সুমধুৰ মাতৰ চৰাইটোৰ নামটোৰ সৈতে আচৰিতভাৱে একে দেখায় আচৰণ আৰু দেহাবয়ৱ। হঠাতে বিলুপ্ত গ্ৰীন ব্ৰডবিল ছিংগাপুৰৰ প্ৰকৃতিলৈ পুনৰ ঘূৰি অহাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ছিংগাপুৰৰ ৰাষ্ট্ৰীয় উদ্যান পৰিষদৰ সংৰক্ষণ দলৰ সঞ্চালক লিম লিয়াং জিমে।
ব্ৰিটিছ মিডিয়া ইণ্ডিপেণ্ডেণ্টৰ এক প্ৰতিবেদন অনুসৰি, বিলুপ্ত চৰাইটো জোচি ৰি মিছৌৰীয়ে পুনৰ চিনাক্ত কৰে। পেছাত এজন চৰাই ৰক্ষক মিছৌৰিৰ মতে, ১৯৪১ চনৰ পিছত ইয়াক দেখিবলৈ পোৱা নগৈছিল। তেওঁৰ বাহিৰেও কিছুমান স্থানীয় চৰাই নিৰীক্ষকে কৈছিল যে তেওঁলোকে আগতে অঞ্চলটোত এনে চৰাই দেখাই নাছিল। নতুনকৈ চিনাক্ত কৰা গ্ৰীন ব্ৰডবিল চৰাইটো মতা। বিশেষজ্ঞসকলে অৱশ্যে নিশ্চিত নহয় যে ইমান বছৰৰ পিছত পুলাউ উবিন দ্বীপত চৰাইটো ক'ৰ পৰা আহিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|