Afghanistan Quake: ভাৰতে এই দুৰ্যোগৰ প্ৰতি ততালিকে সহাৰি জনাই সহায়ৰ হাত আগবঢ়াইছে। ৰাষ্ট্ৰসংঘ (United Nations) আৰু ইউৰোপীয় সংঘ (European Union)য়ো সহায় আগবঢ়াইছে।
Afghanistan Quake: ভাৰতে এই দুৰ্যোগৰ প্ৰতি ততালিকে সহাৰি জনাই সহায়ৰ হাত আগবঢ়াইছে। ৰাষ্ট্ৰসংঘ (United Nations) আৰু ইউৰোপীয় সংঘ (European Union)য়ো সহায় আগবঢ়াইছে।
আফগানিস্তান (Afghanistan)ত ৫.৯ মাত্ৰাৰ শক্তিশালী ভূমিকম্পই বুধবাৰে কঁপাই তোলাৰ পিছত বুধবাৰে কমেও ১০০০ লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী কৰ্তৃপক্ষই দাবী কৰিছে যে ভাঙি পৰা অট্টালিকাৰ পৰা জীৱিত লোকক বিচাৰি উলিওৱাৰ বাবে উদ্ধাৰকাৰীয়ে চলোৱা অভিযানৰ সময়ত মৃতদেহৰ পিছত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।
যোৱা বছৰৰ আগষ্ট মাহত তালিবানে (Taliban) আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত দেশখনে ভয়াৱহ অৰ্থনৈতিক সংকট আৰু খাদ্যৰ নাটনিৰ সন্মুখীন হৈ থকাৰ সময়তে বুধবাৰে পুৱাৰ ভাগত পূব পাকটিকা প্ৰদেশ (Paktika province)ত হোৱা ভূমিকম্পই (Afghanistan Quake) আটাইতকৈ বেছি আঘাত হানিছে চৰকাৰক।
তথ্য আৰু সংস্কৃতি বিভাগৰ মুৰব্বী মহম্মদ আমিন হুজাইফাই এ এফ পিক জনোৱা মতে, “মানুহে কবৰৰ পিছত কবৰ খান্দি আছে,” লগতে কয় যে কেৱল সেই প্ৰদেশতে কমেও ১০০০ লোকৰ মৃত্যু হৈছে এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে।’- তেওঁ সাংবাদিকসকলক কয়।
দেশৰ সৰ্বোচ্চ নেতা হিবাতুল্লাহ আখুনজাদাই সতৰ্ক কৰি দিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তালিবানৰ এজন জ্যেষ্ঠ বিষয়া আনাছ হাক্কানীয়ে চৰকাৰক নিজৰ সামৰ্থ্যৰ ভিতৰত কাম কৰি আছে বুলি আহ্বান জনায় আৰু আন্তঃৰাষ্ট্ৰীয় সমাজক সহায় আগবঢ়াবলৈ আহ্বান জনায়।
ইয়াৰ মাজতে ভাৰতে এই দুৰ্যোগৰ প্ৰতি ততালিকে সহাৰি জনাই সহায়ৰ হাত আগবঢ়াইছে। ৰাষ্ট্ৰসংঘ (United Nations) আৰু ইউৰোপীয় সংঘ (European Union)য়ো সহায় আগবঢ়াইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|