বিশ্বৰ সবাতোকৈ বিখ্যাত সংগীত বঁটা ‘গ্ৰেমী বঁটা’ প্ৰদান অনুষ্ঠান বিগত ৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে অনুষ্ঠিত হয়। এই বৰ্ষত গ্ৰেমী বঁটাৰ ৬৫তম সংস্কৰণ লছ এঞ্জেলছৰ Crypto.com এৰেনাত অনুষ্ঠিত হৈছিল।
হোৱাইট চানৰ গুৰুজাছ কৌৰ খালছাই ‘‘মিষ্টিক মিৰ’ৰ’’ এলবামত তেওঁৰ মন্ত্ৰৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছে।
লছ এঞ্জেলছত ৬৫ তম বাৰ্ষিক গ্ৰেমী বঁটা প্ৰিমিয়াৰ অনুষ্ঠানত খালছাই ‘‘মিষ্টিক মিৰ’ৰ’’ এলবামৰ বাবে শ্ৰেষ্ঠ নতুন যুগৰ এলবাম খিতাপ লাভ কৰে। এলবামটোত গুৰু গ্ৰন্থ চাহিবৰ পৰা শ্বাবাদ আছে।
হোৱাইট চান মিইচিক নামৰ টুইটাৰ একাউণ্টে এটা পোষ্টত লিখে যে, ‘‘আমি এইমাত্ৰ নিউ এজ, এম্বিয়েণ্ট বা চেণ্ট শ্ৰেণীত আমাৰ এলবাম ‘‘মিষ্টিক মিৰ'ৰ’’ৰ বাবে গ্ৰেমী বঁটা জিকিছো। আমি ৰেকৰ্ডিং একাডেমিক কেৱল সুন্দৰ বঁটা প্ৰদান অনুষ্ঠানৰ বাবেই নহয়, সংগীত সৃষ্টিকৰ্তাসকলৰ হৈ তেওঁলোকে কৰা সকলো আশ্চৰ্যকৰ কামৰ বাবেও ধন্যবাদ জনাব বিচাৰো।’’
এডাম বেৰী, গুৰুজাছ আৰু হৰিজিয়ান, তিনিজন শিল্পীয়ে তেওঁলোকৰ স্বাক্ষৰিত বগা পোছাক পৰিধান কৰি গ্ৰেমী বঁটাৰ মঞ্চত উপস্থিত হৈছিল।
মঞ্চত থাকোঁতে গুৰুজাছে এইদৰে কৈছিল যে, ‘‘একাডেমীলৈ আপোনাক বহুত ধন্যবাদ; মই কান্দিবলৈ গৈ আছো। এই এলবামটো সৃষ্টি কৰাত সহায় কৰা সকলোকে ধন্যবাদ, আমাৰ প্ৰযোজকসকলক ধন্যবাদ। আপোনালোকৰ সৈতে থিয় হোৱাটো এনেকুৱা এক বিশেষাধিকাৰ আৰু সন্মান। ইয়াৰ লগে লগে পৃথিৱী গ্ৰহলৈ প্ৰেম আৰু দয়া অনাৰ দায়িত্ব অধিক আহে।’’
উল্লেখ্য যে, তেওঁলোকে এলবাম ‘হোৱাইট চান ২’ৰ বাবে ২০১৭ চনত নিউ এজ এলবাম গ্ৰেমী বঁটা লাভ কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 08, 2023, 18:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|