এক কেজি কফিৰ দাম ৭,৩৮১ টকা হৈছেগৈ এখন দেশত। খাদ্য সামগ্ৰীৰ ব্যাপক নাটনিৰ ফলত দেশ খনত এই আকাশলংঘী মূল্যবৃদ্ধি। ভয়ংকৰ খাদ্য সংকট (Food Crisis)ত পৰা উত্তৰ কোৰিয়া (North Korea)ত বৰ্তমান বজাৰত মূল্যবৃদ্ধিৰ জুই। কোৰোণা (Corona)ৰ বাবে দেশখনৰ সীমান্ত পথবোৰ বন্ধ ৰখা আৰু বিদেশৰ পৰি আমদানি বন্ধ ৰখাৰ ফলতে খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দেশখনত।
শেহতীয়াকৈ উত্তৰ কোৰিয়াত এক কেজি কফি (Cofee) ৭০০০ টকাতকৈ অধিক দামত বিক্ৰী হোৱাৰ বিপৰীতে চাহপাত প্ৰতিকেজি বিক্ৰ হৈছে ৫১০০ টকাৰ ওপৰত। দেশখনত এতিয়া এক কেজি কল (Banana)ৰ দাম ৩৩০০ টকাৰ ওপৰত। জানিব পৰা মতে প্ৰতি কেজি মাকৈ (Corn) বিক্ৰী হৈছে ২০৫ টকাত।
কোৰোণাৰ বাবে আমদানি বন্ধ হোৱাৰ লগতে উত্তৰ কোৰিয়াৰ ওপৰত বিভিন্ন দেশৰ প্ৰতিবন্ধকতা আৰু শেহতীয়কৈ প্ৰৱল বানপানীৰ বাবে আকাশলংঘী হৈছে মূল্যবৃদ্ধি।
উত্তৰ কোৰিয়াই খাদ্য সামগ্ৰী আৰু ৰাসায়নিক সাৰ (Fertilizer)ৰ বাবে প্ৰধানত চীন (China) দেশৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু শেহতীয়াকৈ চীন আৰু উত্তৰ কোৰিয়াৰ মাজত বাণিজ্য ২.৫ বিলিয়ন ডলাৰৰ পৰা ৫০০ মিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।
জানিব পৰা মতে পৰিস্থিতি ইমানেই বেয়া যে চৰকাৰে হেনো সাৰ উতপাদন বৃদ্ধি কৰিবলৈ দৈনিক দুই লিটাৰকৈ 'মূত্ৰ' (Urine) বিচাৰিছে দেশখনৰ খেতিয়কসকলৰ পৰা ।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 20, 2021, 13:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|