লেন মাৰ্টিন , যিয়ে এতিয়া অপৰিসীম বিষৰ সৈতে সংগ্ৰাম কৰি আছে। কিয়নো প্ৰত্যাহ্বান গ্ৰহণ তেওঁ এটা কাগজৰ কাপত কিছু গৰিলা আঠা লগাই ইয়াক ওঁঠত লগাইছিল । তাৰ পাচতে তেওঁৰ লগত সংঘটিত হ'ল এয়া।
লেন মাৰ্টিন , যিয়ে এতিয়া অপৰিসীম বিষৰ সৈতে সংগ্ৰাম কৰি আছে। কিয়নো প্ৰত্যাহ্বান গ্ৰহণ তেওঁ এটা কাগজৰ কাপত কিছু গৰিলা আঠা লগাই ইয়াক ওঁঠত লগাইছিল । তাৰ পাচতে তেওঁৰ লগত সংঘটিত হ'ল এয়া।
ইন্টাৰনেন্ট অলপ সময়ৰ বাবে হ'লেও জনপ্ৰিয় হ'বলৈ একাংশ লোকে যিকোনো কামেই সংঘটিত কৰিব পাৰে। গৰিলা আঠা মানুহৰ ওপৰত কাৰ্যকৰী নহয় বা ই মানুহৰ কোনো ক্ষতি কৰিব নোৱাৰে সেয়া দাবী কৰি তাৰ প্ৰমাণ দিবলৈ গৈ লুইচিয়ানাৰ এই যুৱকজনে কৰিলে এই আচৰিত কাণ্ড। গৰিলা আঠা লগাই এটা পেপাৰ গিলাচ তেওঁ নিজৰ ওঁঠত লগাইছিল। কিন্তু এই কাণ্ডই এতিয়া বিপদত পেলাইছে লেন মাৰ্টিন নামৰ যুৱকজনক। ওঁঠত লাগি থকা গিলাচটোৰ বাবে এতিয়া তেওঁৰ বিষত থাকিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে তেওঁ কৰিবলগীয়া হৈছে অস্ত্ৰোপচাৰ।
দৰাচলতে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছিল যে এগৰাকী মহিলাই গৰিলা আঠা নিজৰ চুলিত ব্যৱহাৰ কৰাৰ ঘটনা। মহিলাগৰাকীৰ এই কামৰ পাচতে এই যুৱকজনে প্ৰমাণ কৰিব বিচাৰিছিল যে গৰিলা আঠা এনে নহয়, যি মহিলাগৰাকীয়ে ক'বলৈ খোজাখিনি ভুল। সেয়েহে, মাৰ্টিনে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আৰু এই কাম কৰি বৰ্তমানে তেওঁ ঘোৰ বিপদত পৰিছে।
এই বিপদজনক পৰীক্ষাৰ পাচতে মাৰ্টিনক তত্ক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসালয়ৰ বিচনাত চটফটাবলগীয়া হৈছে মাৰ্টিনে।
এই আঠাযুক্ত গিলাচ মুখত লগোৱাৰ পূৰ্বে মাৰ্টিনে ভাইৰেল ভিডিঅ'টোত উল্লেখ কৰিছিল "মই ইয়াক ল'ম, কাপত লৈ মোৰ মুখত ৰাখিম। ই লাগি নধৰিব আৰু সোনকালে ওঁঠৰ পৰা আঁতৰাই আনিব পাৰিম "। যদিও পাচৰ পৰ্যায়ত মাৰ্টিনৰ সৈতে কি কি হ'ল সেয়া ভিডিঅ'টোত দেখুওৱা হোৱা নাই।
যদিও পৰৱৰ্তী সময়ত এখন ছবি প'ষ্ট কৰিছিল য'ত তেওঁক চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে আৰু পেপাৰ গিলাচটো এতিয়াও তেওঁৰ মুখত লাগি আছে।
ইনষ্টা ষ্টৰীটোৰ ওপৰত তেওঁ কেপশ্বনত লিখিছিল, গৰিলা আঠাৰ সৈতে এই খেল এনধৰণৰ হ'ব বুলি মই ভৱা নাছিলো। কিন্তু নহয় এয়া সঁচা হৈ পৰিল। সকলোৱে মোৰ বাবে প্ৰাৰ্থনা কৰা উচিত।
এই ঘটনাৰ পাচত অৱশ্যে সহানুভূতি অনুভৱ কৰাৰ পৰিৱৰ্তে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ তেওঁৰ ওপৰত কেৱল খং উঠিছিল | এগৰাকী ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে এই সম্পৰ্ক লিখিছে "তেওঁ হেছটেগ কৰা #gorillagluechallengeটোৱে প্ৰতিপন্ন কৰে তেওঁ কিমান স্মাৰ্ট, অনুগ্ৰহ কৰি তেওঁ অনুসৰণ নকৰিব " আনহাতে আন এজনে লিখিছে "অত্যন্ত বেয়া হ'ল আপুনি যে নিজৰ মগজুত আঠা লগাব নোৱাৰিলে"।
ইণ্টাৰনেট মাৰ্টিনে কৰা এই আজৱ কাণ্ড প্ৰথম প্ৰচেষ্টা নহয়। ইনচাইডাৰৰ মতে, মাৰ্টিনক ২০১৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল যেতিয়া তেওঁ চুপাৰমাৰ্কেটত এটা আইচক্ৰীম বাকচ হাতত তুলি লৈছিল,অলপ খাই আকৌ থৈ দিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|