Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো

News18-Assam
Updated:August 18, 2019, 2:29 PM IST
Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো
ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

  • Share this:
Googleত ‘ভিখাৰী’ (Bhikhari) শব্দ ছাৰ্চ কৰিলে এতিয়া দেখা যায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো। গুগল ইমেজত দেখা যোৱা ফটোত ইমৰাণ খানক ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিট কৰা এই ফটোত ইমৰাণ খানে হাতত এটা ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিটড ফটোখনত ইমৰাণ খানক পথত বহি থকা ভিক্ষাৰীৰ ৰূপত দেখুওৱা হৈছে। আচলতে বৰ্তমান তীব্ৰ বিত্তীয় সংকটৰ সৈতে যুঁজিছে পাকিস্তানে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঋণ লোৱাৰ বাবে কেইবাখনো দেশ ভ্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে।

ছছিয়েল মিডিয়াত ভাইৰেল হৈছে ফটো
ছচিয়েল মিডিয়াত ইমৰাণ খানৰ এই ফটোক লৈ তীব্ৰ ককৰ্থনা কৰা হৈছে। ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ইমৰাণ খানক কিয় ভিখাৰী হিচাপে কিয় দেখুৱাইছে গুগলে
আচলতে, গুগল ছাৰ্চ ইঞ্জিনক এনেদৰে বনোৱা হৈছে যে যেতিয়া কোনো শব্দ টাইপ কৰি বাৰে বাৰে বিচৰা হয়, তেতিয়া ছাৰ্চ ইঞ্জিনে সেই কী–ৱৰ্ডটো জনপ্ৰিয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে গুগল ইমেজ ছাৰ্চত ‘ইডিয়ট’ টাইপ কৰিলে সকলোতকৈ ওপৰত দেখা যায় ট্ৰাম্পৰ ফটো, যিখন বেবিস্পিটল ব্লগ ছাইটৰ। ইয়াত ড’নাল্ড ট্ৰাম্পক বাৰে বাৰে ‘ইডিয়ট’ কোৱা হৈছে। এই ব্লগ ছাইটত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও লিখনি লিখা হৈছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading