Googleৰ ভুল, বিশ্বজুৰি বিৰাট কোহলীৰ ভিডিঅ’ প্ৰেৰণ কৰি বিচাৰিবলগীয়া হ’ল ক্ষমা

ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্ম গুগল Duo–এ ভুলতে ব্যৱহাৰকাৰীসকললৈ কোহলীৰ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।

news18assam
Updated:June 2, 2019, 11:48 AM IST
Googleৰ ভুল, বিশ্বজুৰি বিৰাট কোহলীৰ ভিডিঅ’ প্ৰেৰণ কৰি বিচাৰিবলগীয়া হ’ল ক্ষমা
ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্ম গুগল Duo–এ ভুলতে ব্যৱহাৰকাৰীসকললৈ কোহলীৰ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।
news18assam
Updated: June 2, 2019, 11:48 AM IST
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ এটা ভিডিঅ’ মেছেজ ভুলতে গুগল Duo ব্যৱহাৰকাৰীৰ ব্লকত প্ৰেৰণ কৰি ক্ষমা বিচাৰিবলগীয়া হ’ল গুগলে। ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্ম গুগল Duo–এ ভুলতে ব্যৱহাৰকাৰীসকললৈ কোহলীৰ এটা বাৰ্তা প্ৰেৰণ কৰিছিল। ভিডিঅ’ত কোহলীয়ে কৈছে – ‘শুভকামনাৰ বাবে ধন্যবাদ আৰু Douত ভাৰতীয় দলক উৎসাহ যোগাই থাকক।’ গুগলে পিছত এক বিজ্ঞপ্তি জাৰি কৰি কয় যে এই ভিডিঅ’ বাৰ্তা ভুলতে ব্যৱহাৰকাৰীসকললৈ প্ৰেৰণ কৰা হৈছে।

কোম্পানীটোৱে শুকুৰবাৰে নিশা এক বিজ্ঞপ্তিত কয় যে এয়া বিজ্ঞাপন নাছিল, এয়া ভাৰতৰ ব্যৱহাৰকাৰীসকললৈ এক ধন্যবাদসূচক বাৰ্তা হিচাপে প্ৰেৰণ কৰিবলগা আছিল। এই ভিডিঅ’ মেছেজটো আমেৰিকা, কানাডা, নিউজীলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশৰ ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু ভাৰতৰ ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰা হোৱা নাছিল।

অন্য দেশৰ ব্যৱহাৰকাৰীসকলে যেতিয়া এই ভিডিঅ’ লাভ কৰিলে তেতিয়া ছচিয়েল মিডিয়াত ইয়াক লৈ বিভিন্ন মন্তব্য কৰাৰ লগতে গুগলক প্ৰশ্নও কৰে। আমেৰিকা, কানাডা, নিউজীলেণ্ড, জাপান, মেক্সিকো আদি দেশৰ ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো তেওঁলোকলৈ কিয় প্ৰেৰণ কৰিলে সেই সম্পৰ্কে একো ধাৰণা কৰিব পৰা নাছিল। এনড্ৰইডৰ ব্যৱহাৰকাৰীসকলে এই ভুলৰ ৰিপ’ৰ্ট কৰিবলৈ ৰেডিট ব্যৱহাৰ কৰে।

 


আৰু চাওক পৰৱৰ্তী বাতৰি