Googleৰ CEO সুন্দৰ পিচাইৰ পদোন্নতি, একেলগে চম্ভালিব দুটা কোম্পানী

News18 Assam | News18-Assam
Updated:December 4, 2019, 10:04 AM IST
Googleৰ CEO সুন্দৰ পিচাইৰ পদোন্নতি, একেলগে চম্ভালিব দুটা কোম্পানী
Googleৰ লগতে Alphabetৰ দায়িত্ব পাইছে ভাৰতীয় মূলৰ মুৰব্বীজনে।

Googleৰ লগতে Alphabetৰ দায়িত্ব পাইছে ভাৰতীয় মূলৰ মুৰব্বীজনে।

  • Share this:
বিশ্বজুৰি প্ৰখ্যাত  চাৰ্ছ ইঞ্জিন গুগলৰ ভাৰতীয় মূলৰ চিইঅ’ সুন্দৰ পিচাইৰ প্ৰম’চন হৈছে। সুন্দৰ পিচাই এতিয়া গুগলৰ পেৰেণ্ট কোম্পানী Alphabetৰ CEO হ’ল। এই দায়িত্ব এতিয়ালৈকে গুগলৰ সহ সংস্থাপৰ চাৰ্গেই ব্ৰিনৰ হাতত আছিল। নতুন ফেৰ বদলৰ পিছত চাৰ্গেই ব্ৰিন আৰু গুগলৰ দ্বিতীয়জন সহ সংস্থাপৰ লেৰী পেজ কোম্পানীৰ সহ সংস্থাপক, শ্বেয়াৰধাৰক আৰু এল্ফাবেটৰ বৰ্ড অৱ ডায়ৰেক্টৰৰ পদত থাকিব। আনহাতে পিচাইয়ে এতিয়া গুগল আৰু এল্ফাবেট দুয়োটা কোম্পানীৰে চিইঅ’ৰ দায়িত্ব গ্ৰহণ কৰিব। পিচাই ইয়াৰ লগতে এল্ফাবেটৰ বৰ্ড অৱ ডায়ৰেক্টৰ হৈও থাকিব।

২০০১চনৰ পৰা এল্ফাবেটৰ প্ৰেচিডেণ্টৰ দায়িত্বত আছিল পেজ। এই প্ৰথমবাৰৰ কাৰণে কোম্পানীৰ দৈনন্দিন কাম কাজৰ দায়িত্বৰ পৰা অব্যাহত লৈছে তেওঁ। ২০০১চনত এৰিক স্কিমিডৰ পৰা দায়িত্ব লৈছিল তেওঁ। ১০বছৰ পিছত তেওঁ Googleৰ দায়িত্ব লৈছিল স্কিমিডৰ পৰাই।

পেজ আৰু ব্ৰিনে নিজৰ ঘোষণাত জনায়, আমি Google আৰু Alphabetৰ ওচৰত দীৰ্ঘ সময়ৰ কাৰণে দায়ৱদ্ধ। আমি বৰ্ডৰ সদস্য হিচাপে থাকিম। লগতে শ্বেয়াৰ হোল্ডাৰ আৰু সহ প্ৰতিষ্ঠাতা হিচাপেও থাকিব। সেইকাৰণে দৈনন্দিন কাম কাম সুন্দৰে চোৱা চিতা কৰিব। আমি নিয়মীয়াকৈ তেওঁৰ সৈতে কথা বতৰা হৈ থাকিম।

এক কথাত এক বৃহৎ সম্ৰাজ্যৰ দায়িত্ব পালে সুন্দৰ পিচাইয়ে। এজন ভাৰতীয় মূলৰ ব্যক্তিয়ে এতিয়া বৃহৎ বৃহৎ নেতাৰ ভাগ্য নিয়ন্ত্ৰা! কাৰণ তথ্যই শক্তি!
আৰু চাওক
পৰৱৰ্তী বাতৰি