Google খুলিলেই বিশ্বকাপ, Doodleত পাব বিশ্বকাপৰ সকলো তথ্য

আজি Google Doodleত ক্লিক কৰিলেই আপুনি দেখা পাব বিশ্বকাপৰ সকলো তথ্য।

news18assam
Updated:May 30, 2019, 2:35 PM IST
Google খুলিলেই বিশ্বকাপ, Doodleত পাব বিশ্বকাপৰ সকলো তথ্য
আজি Google Doodleত ক্লিক কৰিলেই আপুনি দেখা পাব বিশ্বকাপৰ সকলো তথ্য।
news18assam
Updated: May 30, 2019, 2:35 PM IST
আজিৰে পৰা ইংলেণ্ডত আৰম্ভ হৈছে ক্ৰিকেট বিশ্বকাপৰ মহাৰণ। প্ৰথমখন খেলত মুখামুখি হ’ব আয়োজক দেশ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। বিশ্বকাপ উপলক্ষে আজি গুগলতো ক্ৰিকেট। এনিমেটেড গুগলত দেখা গৈছে এজন বলাৰে বলিং কৰিছে আৰু বেট্ছমেনৰ হিটৰ পিছতে ফিল্ডাৰে কেচ ধৰিছে।

আজি Google Doodleত ক্লিক কৰিলেই আপুনি দেখা পাব বিশ্বকাপৰ সকলো তথ্য। ডেৰ মাহৰো অধিক দিন চলিব ২২ গজৰ এই মহোৎসৱ। ঐতিহাসিক অ’ভেলত উদ্বোধনী খেলত আজি মুখামুখি হ’ব ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। বুধবাৰে বিশ্বকাপত অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ অধিনায়কে লণ্ডনৰ ৱাকিংহাম পেলেচত ৰাণী এলিজাবেথ আৰু প্ৰিন্স হেৰীৰ সৈতে সাক্ষাৎ কৰে।

এইবাৰৰ বিশ্বকাপত ১০টা দলৰ মাজত অনুষ্ঠিত হ’ব ৪৮খন মেচ। ৰাউণ্ড ৰবীন ফৰ্মেটত হ’ব এইবাৰৰ বিশ্বকাপ। ৫ জুনত প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰত। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব টীম ইণ্ডিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি