নতুন দিল্লীঃ ভাৰতীয় বজাৰত সোণৰ মূল্য আজি বৃদ্ধি পোৱা দেখা গ’ল আৰু আকৌ ৫০হাজাৰ টকাৰ অধিক প্ৰতি দহ গ্ৰামত হোৱা দেখা যায়। দিল্লীৰ সোণ–ৰূপৰ বজাৰত ৪জানুৱাৰী, ২০২১ত সোণৰ দাম (Gold Price Today) প্ৰতি দহ গ্ৰামত ৮৭৭টকা বাঢ়ি যথেষ্ট মহঙা হয়। এক কিলোগ্ৰাম ৰূপৰ মূল্য (Silver Price Today) ২০১২টকা মহঙা হয়। যোৱা ব্যৱসায়িক সত্ৰত দিল্লীৰ সোণ–ৰূপৰ বজাৰত প্ৰতি দহ গ্ৰাম সোণৰ মূল্য ৪৯,৭৪২টকা হয়। সেইদৰে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৭,৪৪২টকা হয়। বিশেষজ্ঞসকলৰ মতে ডলাৰৰ বিপৰীতে টকা দুৰ্বল হোৱাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য অধিক হোৱা দেখা যায়।
সোণৰ নতুন মূল্য (Gold Price, 4 January 2021) - দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে সোণৰ দাম প্ৰতি দহ গ্ৰামত ৮৭৭টকা বাঢ়ে। ৰাজধানী দিল্লীত (Delhi) ৯৯.৯ গ্ৰাম বিশুদ্ধতাৰ সোণৰ নতুন মূল্য প্ৰতি দহ গ্ৰামত ৫০,৬১৯টকা হয়। ইয়াৰ পূৰ্বে ব্যৱসায়িক সত্ৰত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৪৯,৭৪২টকা হয়। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য বাঢ়ি প্ৰতি আউন্সত ১,৯৩৫ডলাৰ হয়।
ৰূপৰ নতুন মূল্য(Silver Price, 4 January 2021) - ৰূপৰ মূল্য সোমবাৰে বাঢ়ে। দিল্লীৰ সোণ–ৰূপৰ বজাৰত আজি ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ২,০১২ টকা বৃদ্ধি হয়। এতিয়া ইয়াৰ দাম প্ৰতি কিলোগ্ৰামত ৬৯,৪৫৪টকা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত (International Market) আজি ৰূপৰ মূল্য বাঢ়ি প্ৰতি আউন্সত ২৭.৩০ডলাৰ হয়।
কিয় বাঢ়িছে দাম–এইচডিএফচি চিকিউৰিটিজৰ (HDFC Securities) চিনিয়ৰ এনালিষ্ট (কম’ডিটিজ) তপন পেটেলৰ মতে যোৱা কিছুদিনত উত্থান–পতনেৰে ভৰা সত্ৰৰ পিছত ডলাৰৰ দাম হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ কাৰণে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা যায়। একেই ধৰণে এতিয়াও মানুহে সকলো বিনিয়োগৰ ভিতৰত সোণক সকলোতকৈ সুৰক্ষিত মাধ্যম মানি লৈছে। সেইকাৰণে সোণৰ ক্ৰয় বাঢ়িছে আৰু দুয়োবিধ ধাতুৰ মূল্য বঢ়া দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|