আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰণেই বাঢ়িছে ভাৰতীয়ৰ বিয়াৰ খৰছ! বিয়াৰ খৰছৰ সৈতে আকৌ ডনাল্ড ট্ৰাম্পৰ কি সম্পৰ্ক নিশ্চয় জানিবলৈ মন গৈছে আপোনাৰ। দৰাচলতে আমেৰিকা আৰু চীনৰ মাজত অব্যাহত ‘বাণিজ্যিক যুদ্ধ’ৰ কাৰণেই সোণৰ বজাৰ মহঙা হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে হোৰাহোৰে বাঢ়ি অহা সোণৰ দাম এই বছৰ আৰু নকমে। এনে পৰিপ্ৰেক্ষিতত আগন্তুত বিয়াৰ বতৰত সোণৰ গহণা বনোৱাৰ খৰছ বাঢ়ি যোৱাটো খাটাং। উল্লেখযোগ্য যে বিগত ৮মাহত সোণৰ দাম প্ৰতি দহ গ্ৰামত ৩১হাজাৰ টকাৰ পৰা বাঢ়ি ৪০হাজাৰ টকা হৈছেগৈ।
ট্ৰাম্পৰ টুইটৰ কাৰণে কেনেকৈ বাঢ়িছে সোণৰ দাম?সোণৰ দাম একেৰাহে বাঢ়ি থকাৰ কাৰণ ডনাল্ড ট্ৰাম্পেই! ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্চ এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সচিব সুৰেন্দ্ৰ মেহতাৰ মতে সোণ–ৰূপৰ বজাৰখন কোন ধৰণৰ বিশেষ নীতিৰে চলি থকা নাই। বৰং ট্ৰাম্পৰ টুইটৰ ওপৰত নিৰ্ভৰ কৰিহে সোণ–ৰূপৰ দাম বাঢ়িছে। এই কথা একেবাৰে ক’ব নোৱাৰি যে কেতিয়া এই দাম বাঢ়িব বা কমিব! শেহতীয়াকৈ দাম বাঢ়ি অহাৰ কাৰণে ঘৰুৱা বজাৰত চাহিদা ৫০শতাংশলৈ কমিছে।
ট্ৰাম্পৰ টুইটৰ প্ৰভাৱআমেৰিকা আৰু চীনৰ মাজত ‘বাণিজ্যিক যুদ্ধ’ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। চীনৰ ডিউটী কৰ বঢ়োৱাৰ সিদ্ধান্তৰ পিছত আমেৰিকাই চীনৰ ২৫০ডলাৰৰ উৎপাদিত সামগ্ৰীৰ ওপৰত ডিউটী কৰ ২৫শতাংশৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ লগতে ৩০০ আৰৱ ডলাৰৰ উৎপাদিত সামগ্ৰীৰ ওপৰত ডিউটী কৰ ১০শতাংশৰ পৰা ১৫শতাংশলৈ বৃদ্ধি কৰিছে।
ট্ৰাম্পে সাধাৰণতে প্ৰায়েই চীনক লৈ টুইট কৰি থাকে। ইয়াৰ ফলত বিশ্বত উদ্বিগ্নতা বাঢ়ি গৈছে। দুই বৃহৎ অৰ্থনীতিৰ মাজৰ সংঘাতৰ বাবে গ্ল’বেল ইক’নমিৰ বিকাশ লেহেমীয়া হৈ পৰিছে। ইণ্টাৰনেশ্যনেল মণিটেৰী ফাণ্ড আৰু ৱৰ্ল্ড বেংকৰ প্ৰতিবেদন অনুসৰি গোলকীয় আৰ্থিক বিকাশ অৱনমিত হোৱাৰ আশংকা কৰা হৈছে। এইকাৰণেই সোণত বিনিয়োগ বাঢ়িছে।
বিশ্বজুৰি চেন্ট্ৰেল বেংকসমূহে ক্ৰয় কৰিছে সোণবাণিজ্যিক যুদ্ধৰ আশংকা গভীৰ হোৱাৰ কাৰণে সোণৰ চেফ হেভেন ডিমাণ্ডো বাঢ়িছে। বিশ্বজুৰি চেন্ট্ৰেল বেংকসমূহে সোণৰ ক্ৰয়ৰ পৰিমাণ বঢ়াইছে। চীন, ৰাছিয়া, তুৰ্কী সহ বিশ্বৰ বহু কেন্দ্ৰীয় বেংকে সোণ ক্ৰয় কৰি গল্ড ৰিজাৰ্ভ বঢ়াইছে।
ৱৰ্ল্ড গল্ড কাউন্সিলৰ তৰফৰ পৰা প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বিশ্বৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা ২০১৯–২০ত এতিয়ালৈকে প্ৰায় ৩৭৪ মেট্ৰিক টন সোণ ক্ৰয় কৰা হৈছে। একেদৰে RBI–এ মাৰ্চ ২০১৮ৰ পৰা এতিয়ালৈকে ৬০টন সোণ ক্ৰয় কৰিছে।
ভাৰতত দুই ধৰণে সোণৰ দাম নিৰ্ধাৰণ হয়ভাৰতত সোণৰ মূল্য দুইধৰণে নিৰ্ধাৰণ কৰা হয়। ফিউচাৰ মাৰ্কেট আৰু স্পট প্ৰাইচৰ দ্বাৰা। কিন্তু দুয়োট মূল্য পৃথক হয়। সাধাৰণ গ্ৰাহকৰ সম্বন্ধ স্পট প্ৰাইচৰ সৈতে। ফিউচাৰ প্ৰাইচ সম্পূৰ্ণৰূপে ব্যৱসায়ীসকলৰ কাৰণে থকা ব্যৱস্থা। ইয়াত সোণৰ মূল্যৰ সৰ্বাধিক তাৰতম্য ঘটি থকা দেখিবলৈ পোৱা যায়।
কেনেকৈ নিৰ্ধাৰণ কৰা হয় সোণৰ মূল্যবজাৰত আপুনি যি মূল্যত সোণৰ গহণা ক্ৰয় কৰে, সেয়া স্পট প্ৰাইচ অৰ্থাৎ তাৎক্ষণিক দৰ। বেছিভাগ চহৰত ব্যৱসায়িক সন্থাৰ সদস্যসকলে বজাৰ খোলাৰ সময়ত মূল্য নিৰ্ধাৰণ কৰে। এমচিএক্স ফিউচাৰ মাৰ্কেটত যি মূল্য আহে তাত ভেট, লেভি তথা অন্যান্য মূল্য সংলগ্ন কৰি সৰ্বমুঠ মূল্য নিৰ্ধাৰণ কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|