পৃথিৱীৰ প্ৰতিটো ঠাইত ইয়াৰ ভৌগোলিক আৰু সামাজিক পৰিস্থিতি অনুসৰি শতিকাৰ আগতে বিভিন্ন নিয়ম-আইন প্ৰস্তুত কৰা হৈছিল। এই নিয়মসমূহ গঠনৰ পিছৰে পৰাই তেনেকৈয়ে চলি আছে, যাক পৰম্পৰা হিচাপে মানি সকলোৱে পালন কৰি আহিছে। এনে পৰম্পৰাবোৰৰ ভিতৰত পৃথিৱীৰ এটা দ্বীপত এনে এক পৰম্পৰা চলি আহিছে, য'ত কেৱল পুৰুষহে বাস কৰিব পাৰে। কোনো মহিলাক সেই ঠাইলৈ যোৱাৰ অনুমতি দিয়া নহয়। আমোদজনক যে, এই দ্বীপত বাস কৰা পুৰুষসকলে সেই ঠাইৰ সাগৰৰ দেৱীৰ ৰূপক উপাসনা কৰে, কিন্তু মহিলাসকলক তালৈ যোৱাৰ নিষেধাজ্ঞা আছে।
উল্লেখ্য যে, এইটো এটা মন্দিৰ বা দেৱ স্থানৰ বিষয়ে নহয়, ই এটা দ্বীপ য’ত কেৱল পুৰুষহে যাব পাৰে আৰু ইয়ালৈ মহিলাসকলক যাবলৈ অনুমতি দিয়া নহয়। জাপানত অৱস্থিত এই দ্বীপটোক ওকিনোচিমা দ্বীপ বুলি জনা যায়। মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ উপৰিও, এই দ্বীপ ত বহুতো কঠোৰ নিয়ম পালন কৰে তাৰ বাসিন্দাসকলে। যি কি নহওক, ইয়াত এনে পৰম্পৰা কিয় অনুসৰণ কৰা হয় আৰু ইয়াৰ আঁৰৰ কাৰণ কি সেই বিষয়ে জানো আহক।
মহিলাৰ প্ৰৱেশ নিষিদ্ধ–জাপানৰ ওকিনোচিমা দ্বীপক UNESCO ই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। এই দ্বীপটো মুঠ ৭০০ বৰ্গ মিটাৰ জুৰি বিয়পি আছে। জানিব পৰা মতে, চতুৰ্থৰ পৰা নৱম শতিকাৰ ভিতৰত এই দ্বীপটো কোৰিয়ান দ্বীপ আৰু চীনৰ মাজত বাণিজ্যৰ কেন্দ্ৰ বিন্দু আছিল। ইয়াক ধৰ্মীয়ভাৱে অতি পৱিত্ৰ ঠাই বুলি গণ্য কৰা হয়। কিন্তু প্ৰাচীন কালৰ পৰাই এই দ্বীপত চলি অহা ধৰ্মীয় প্ৰতিবন্ধকতা বৰ্তমানেও অব্যাহত আছে। বহুতো নীতি–নিয়মৰ ভিতৰত ইয়াৰ এটা নিষেধাজ্ঞা মতে ঠাইখনলৈ মহিলাৰ আগমন নিষিদ্ধ কৰা আছে। ইয়ালৈ অহা পুৰুষসকলৰ বাবে কিছুমান কঠিন নিয়মো আছে, যিবোৰ তেওঁলোকে অনুসৰণ কৰিব লাগিব।
পুৰুষসকলে উলংগ হৈ গা ধুৱেকোৱা হয় যে, এই দ্বীপলৈ যোৱাৰ আগতে পুৰুষসকলে উলংগ হৈ গা ধুব লাগে। ইয়াত নিয়মবোৰ ইমান কঠোৰ যে গোটেই বছৰত মাত্ৰ ২০০ জন পুৰুষহে এই দ্বীপটোলৈ যাব পাৰে আৰু তালৈ যোৱাৰ সময়ত তেওঁলোকে নিজৰ লগত একো নিব নোৱাৰে। ইয়াৰোপৰি, তেওঁৰ এই যাত্ৰাও গোপন থাকিব লাগে। আসাহি চিম্বুনৰ প্ৰতিবেদন অনুসৰি, মুনাকাটা টাইছা ওকিৎচু মন্দিৰ এই দ্বীপত অৱস্থিত, য’ত সাগৰৰ দেৱীক উপাসনা কৰা হয়। কোৱা হয় যে সপ্তদশ শতিকাত সাগৰীয় ভ্ৰমণত জাহাজৰ সুৰক্ষাৰ বাবে সাগৰৰ দেৱীক উপাসনা কৰা হৈছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 09, 2023, 14:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|