কোন হয় আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী, কেতিয়ালৈ মাছুদ আজহাৰক বচাব পাকিস্তানে?

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ পিছতে বিশ্বৰ প্ৰতিখন দেশে পলম নকৰি, লোকজনৰ সৈতে জড়িত সম্বন্ধিত সন্থাসমূহৰ ধন, বিত্তীয় সম্পত্তি আৰু অৰ্থনৈতিক সম্পদ জব্দ কৰে।

news18assam
Updated:May 2, 2019, 9:35 AM IST
কোন হয় আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী, কেতিয়ালৈ মাছুদ আজহাৰক বচাব পাকিস্তানে?
আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিয়মানুসৰি বিশ্বৰ প্ৰতিখন দেশে পলম নকৰি, সেই লোকজনৰ লগতে তাৰ সৈতে সম্বন্ধিত সন্থাসমূহৰ ধন, বিত্তীয় সম্পত্তি আৰু অৰ্থনৈতিক সম্পদ জব্দ কৰি লয়।
news18assam
Updated: May 2, 2019, 9:35 AM IST
ৰাষ্ট্ৰসংঘই সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাটো ভাৰতৰ এক বৃহৎ সফলতা। জঈছ–ঈ–মহম্মদৰ এই গেংষ্টাৰক ২০০১ত ভাৰতীয় সংসদত হোৱা আক্ৰমণৰ পৰা আদি কৰি পুলৱামা আক্ৰমণৰ অভিযুক্ত বুলি কোৱা হৈছে।

ৰাষ্ট্ৰসংঘই সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাটো ভাৰতৰ এক বৃহৎ সফলতা। জঈছ–ঈ–মহম্মদৰ এই গেংষ্টাৰক ২০০১ত ভাৰতীয় সংসদত হোৱা আক্ৰমণৰ পৰা আদি কৰি পুলৱামা আক্ৰমণৰ অভিযুক্ত বুলি কোৱা হৈছে। কিন্তু পাকিস্তানে বাৰম্বাৰ এইটোৱে কৈ আছে যে ভাৰতৰ লগত মাছুদ আজহাৰক অভিযুক্ত বুলি কোৱা সন্দৰ্ভত কোনো প্ৰমাণ নাই।

কিন্তু এইপৰ্যন্ত পাকিস্তানে এইটো কথাকে কৈ আছে যে মাছুদ তেওঁলোকৰ দেশত নাই। কিন্তু পুলৱামা আক্ৰমণৰ পিছত এক সাক্ষাৎকাৰৰ জৰিয়তে পাকিস্তানী বিদেশ মন্ত্ৰীয়ে মানি লৈছে যে মাছুদ আজহাৰ তেওঁলোকৰ দেশতে আছে ৰোগত আক্ৰান্ত হৈ আছে। মাছুদ চলন–ফুৰণ কৰিব পৰা অৱস্থাত নাই বুলিও মন্তব্য কৰিছিল সাক্ষাৎকাৰৰ জৰিয়তে। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী মানে আচলতে কি আৰু মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাৰ পিছত পাকিস্তানে এতিয়া কৰিব কি?

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অৰ্থ
১. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিয়মানুসৰি বিশ্বৰ প্ৰতিখন দেশে পলম নকৰি, সেই লোকজনৰ লগতে তাৰ সৈতে সম্বন্ধিত সন্থাসমূহৰ ধন, বিত্তীয় সম্পত্তি আৰু অৰ্থনৈতিক সম্পদ জব্দ কৰি লয়।

২. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ পিছতে সেই লোকজনৰ বিশ্বৰ যিকোনো দেশত অহা–যোৱাৰ নিষেধাজ্ঞা প্ৰদান কৰে।

৩. ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ তালিকাত সংযুক্ত হোৱাৰ লগতে মাছুদ আজহাৰ কোনো দেশ বা সংগঠনৰ অস্ত্ৰ ক্ৰয় কৰিব নোৱাৰে।

৪. আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰৰ কোম্পানীসমূহেও প্ৰযুক্তিগত বিবৰণৰ বিষয়ে কোনো কথা প্ৰকাশ কৰিব নোৱাৰে।

৫. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ পিছত কোনো লোকে কোনো এখন দেশৰ পতাকা বা বিমানৰ পতাকা ব্যৱহাৰ কৰিব নোৱাৰে।

পাকিস্তানে এতিয়া কি কৰিব
মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা। নিয়ামানুসৰি মাছুদে এতিয়া পাকিস্তানটো মুকলি মনে ঘূৰি ফুৰিব নোৱাৰিব। চৰকাৰৰ বৰ্তমান এটাই মূল লক্ষ্য মাছুদক গ্ৰেপ্তাৰ কৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি