বোমাতংক! Global T20 Canada মেচত বিলম্ব, টুৰ্ণামেণ্টৰ অংশ যুৱৰাজ সিং সহ কেইবাজনো তাৰকা

News18
Updated:July 29, 2019, 7:56 AM IST
বোমাতংক! Global T20 Canada মেচত বিলম্ব, টুৰ্ণামেণ্টৰ অংশ যুৱৰাজ সিং সহ কেইবাজনো তাৰকা
টুইটাৰত খেল বিলম্ব হোৱাৰ কাৰণ অন্য প্ৰকাশ।

টুইটাৰত খেল বিলম্ব হোৱাৰ কাৰণ অন্য প্ৰকাশ।

  • News18
  • Last Updated: July 29, 2019, 7:56 AM IST
  • Share this:
কানাডাত অনুষ্ঠিত গ্ল’বেল লীগ টি২০ টুৰ্ণামেণ্টত মণ্ট্ৰিয়েল টাইগাৰ্চ আৰু ৱিনিপেগ হক্সৰ মাজত শুকুৰবাৰে অনুষ্ঠিত খেল বোমাতংকৰ বাবেই দেৰীকৈ আৰম্ভ হ’ল। শুকুৰবাৰে ব্ৰামটনত খেলা হৈছিল এই খেল। বোমাতংকৰ কাৰণে ৯০মিনিট পলমকৈ খেল আৰম্ভ হয় আৰু ১২–১২ অভাৰৰ খেল অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই টুৰ্ণামেণ্টত যুৱৰাজ সিং, কেন উইলিয়ামছন, ক্ৰিস গেইল আৰু ফাফ ডু প্লেচিচ সহ বহুকেইগৰাকী তাৰকা খেলুৱৈয়ে অংশ লৈছে। ESPNcricinfoৰ মতে দুয়ো দলৰ খেলুৱৈৰ সৈতে কথা পতাৰ পিছত এই সন্দৰ্ভত নিশ্চিতি কৰিব পৰা যায়। ইয়াৰ পিছত কমেণ্টটেৰে কয় যে সুৰক্ষাজনিত কাৰণত খেল আৰম্ভ হোৱাত পলম হৈছে। অৱশ্যে টুৰ্ণামেণ্টৰ আয়োজকসকলে ২০মিনিট পূৰ্বে টুইট কৰি জনাইছিল যে কাৰিকৰী কাৰণত মেচ আৰম্ভ হওতে দেৰী হৈছে। টুইটাৰত ষ্টেডিয়ামলৈ প্ৰৱেশ কৰা দৰ্শকৰ দীঘলীয়া শাৰীৰ ছবি আপলোড কৰিছিল। সুৰক্ষা কৰ্মীয়ে দৰ্শকক ষ্টেডিয়ামৰ ভিতৰলৈ যাব দিয়া নাছিল। 

জানিব পৰা মতে স্নিফাৰ ডগে নিয়মীয়া তালাচীৰ সময়ত কিছু সন্দেহজনক সামগ্ৰী পাইছিল। সেইবাবে সুৰক্ষা বৃদ্ধি কৰা হয়। আনহাতে আন এক সূত্ৰ মতে ক্ৰিকেট খেলৰ বাবে অস্থায়ীৰূপত তৈয়াৰ কৰা দেৱালত ফাঁট দেখা গৈছিল। পৰৱৰ্তী সময়ত সুৰক্ষাকৰ্মীয়ে নিশ্চিত হৈহে খেল আৰম্ভ কৰিবলৈ দিয়া হয়।

খেলত মণ্ট্ৰিয়েল টাইগাৰ্চৰ সুনীল নৰেনৰ ৩০টা বলত কৰা ৫৯ৰাণৰ সহায়ত দলে খেলখন ২৪ৰাণত জয় কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি