খেলপথাৰত যুৱৰাজ সিঙৰ ‘ধামাকা’, ২১ বলত সংগ্ৰহ অৰ্ধশতক

যুৱৰাজৰ ২২ বলৰ ইনিংছটোত আছিল তিনিটা তিনিটা চাৰি আৰু পাঁচটা ছয়।

News18-Assam
Updated:August 4, 2019, 11:05 AM IST
খেলপথাৰত যুৱৰাজ সিঙৰ ‘ধামাকা’, ২১ বলত সংগ্ৰহ অৰ্ধশতক
যুৱৰাজৰ ২২ বলৰ ইনিংছটোত আছিল তিনিটা তিনিটা চাৰি আৰু পাঁচটা ছয়।
News18-Assam
Updated: August 4, 2019, 11:05 AM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ পিছত কানাডা টি–২০ লীগত যুৱৰাজ সিঙে দেখুৱাইছে বেটিং পৰাক্ৰম। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অল–ৰাউণ্ডাৰগৰাকীৰ বেটৰ পৰা বৰষিল ৰানৰ বৰষুণ। এই খেলখনত যুৱৰাজ সিঙে ২২টা বলত সংগ্ৰহ কৰে ৫২ ৰান। যুৱৰাজৰ বিস্ফোৰক বেটিঙৰ পিছতো অৱশ্যে মেচখনত পৰাজয় বৰণ কৰে যুৱৰাজৰ দলটো।

ব্ৰেম্পটন অ’ল্ভছ আৰু টৰণ্ট’ নেচনেলৰ মাজত অনুষ্ঠিত খেলখনত ব্ৰেম্পটনে নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২২২ ৰান। প্ৰত্যুত্তৰত টৰণ্ট’ দলে সুন্দৰ আৰম্ভণিৰ ঘটায় যদিও ছন্দ ধৰি ৰাখিব নোৱাৰিলে। পিছত যুৱৰাজ সিঙে ক্ৰিজ চম্ভালিবলগীয়া হয়। যুৱৰাজ সিঙে ২২টা বলত সংগ্ৰহ কৰে ৫২ ৰান।



যুৱৰাজৰ ২২ বলৰ ইনিংছটোত আছিল তিনিটা তিনিটা চাৰি আৰু পাঁচটা ছয়। ২১টা বলতে যুৱৰাজ সিঙে সংগ্ৰহ কৰে অৰ্ধশতক। টৰণ্ট’ দলে নিৰ্ধাৰিত অভাৰত ২১১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ১১ ৰানত পৰাস্ত হয় খেলখনত। কেৱল বেটিঙতে নহয়, বলিঙতো উন্নত প্ৰদৰ্শন দেখুৱালে যুৱৰাজ সিঙে। ২ অভাৰত ১৪ ৰান দি যুৱৰাজে দখল কৰে এটা গুৰুত্বপূৰ্ণ উইকেট। তদুপৰি যুৱৰাজ সিঙৰ ফিল্ডিঙো আছিল আকৰ্ষণীয়। ছাইমণ্ডছ আৰু জৰ্জ মনছে দুয়োগৰাকী অপেনাৰৰ কেচ ধৰি দলক সুন্দৰ আৰম্ভণি দিছিল যুৱৰাজে।
আৰু চাওক পৰৱৰ্তী বাতৰি