Global hunger index 2019: ভাৰতৰ পুতৌজনক অৱস্থা, পাকিস্তান,বাংলাদেশতকৈও পিছ পৰিছে ভাৰত

২০১০ ত ভাৰতৰ স্থান আছিল ৯৫। কিন্তু মোদী চৰকাৰৰ দিনত ভাৰতৰ স্থান হ’ল ১০২

News18-Assam
Updated:October 16, 2019, 3:25 PM IST
Global hunger index 2019: ভাৰতৰ পুতৌজনক অৱস্থা, পাকিস্তান,বাংলাদেশতকৈও পিছ পৰিছে ভাৰত
Source-Google
News18-Assam
Updated: October 16, 2019, 3:25 PM IST
গ্ল’বেল হাংগাৰ ইণ্ডেক্সৰ শেহতীয়া সমীক্ষাত ভাৰতৰ পুতৌজনক অৱস্থা। ১১৭ খন দেশক সামৰি চলোৱা এই সমীক্ষাত ভাৰত ১০২ নং স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে। নূন্যতম খাদ্যৰ অভাৱত ভাৰতবৰ্ষত প্ৰতিবছৰে মৃত্যু মুখত পৰে বৃহৎ সংখ্যক লোক। এই তালিকাত লজ্জাজনক ভাবে  পাকিস্তান, বাংলাদেশ, নেপালতকৈও পিছ পৰিব লগীয়া হৈছে ভাৰত।

তথ্য অনুসৰি ভাৰতবৰ্ষত বহু শিশুৰ উচ্চতালৈ চাই ওজনৰ অভাৱ। দেশত শিশুৰ মৃত্যু হাৰ অধিক আৰু বহু শিশুৱে পুষ্টিহীনতাত ভূগিছে।  এই হাৰ প্ৰায় ২০.৮ শতাংশ। সেইদৰে দেশৰ প্ৰায় ১৭ শতাংশ শিশু অতি দুৰ্বল।

উল্লেখ যোগ্য যে, চলিত মাহৰ আৰম্ভণীতে স্বাস্থ্য মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা ব্যাপক ৰাষ্ট্ৰীয় পোষণ সৰ্বেক্ষণে সমগ্ৰ ভাৰতবৰ্ষত জন্মৰ পৰা ১৯ বছৰৰ প্ৰায় ১,১২,০০০ শিশুক সামৰি এক সমীক্ষা চলাইছিল।

GHIৰ তথ্য মতে যদিও ভাৰত এছিয়াৰ তৃতীয় বৃহৎ আৰ্থিক ভাবে সবল দেশ তথাপিও GHIৰ সমীক্ষাত দক্ষিণ এছিয়াৰ দেশতকৈও পিছ পৰিছে ভাৰত। তালিকাত পাকিস্তান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ স্থান ক্ৰমে ৯৪,৮৮,৭৩ আৰু ৬৬।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি