• Home
  • »
  • News
  • »
  • world
  • »
  • Glasgow Climate Summit COP26: প্ৰধানমন্ত্ৰী মোদীৰ সাহসী প্ৰতিজ্ঞা– ভাৰতত ২০৭০ত শূন্য সেউজগৃহ গেছ নিৰ্গমন, বিশ্বৰ ধনী দেশক টাৰ্গেট...

Glasgow Climate Summit COP26: প্ৰধানমন্ত্ৰী মোদীৰ সাহসী প্ৰতিজ্ঞা– ভাৰতত ২০৭০ত শূন্য সেউজগৃহ গেছ নিৰ্গমন, বিশ্বৰ ধনী দেশক টাৰ্গেট...

''জলবায়ু বিত্তীয় যোগানৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলেহে প্ৰকৃততে ন্যায় প্ৰাপ্ত কৰা হ'ব।''- নৰেন্দ্ৰ মোদী

''জলবায়ু বিত্তীয় যোগানৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলেহে প্ৰকৃততে ন্যায় প্ৰাপ্ত কৰা হ'ব।''- নৰেন্দ্ৰ মোদী

''জলবায়ু বিত্তীয় যোগানৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলেহে প্ৰকৃততে ন্যায় প্ৰাপ্ত কৰা হ'ব।''- নৰেন্দ্ৰ মোদী

  • Share this:

জলবায়ু সন্মিলন কপ–২৬ (COP26)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি ৰূপে ২০৭০ চনৰ ভিতৰত সেউজগৃহ গেছৰ নিৰ্গমন নেট জিৰো কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাই সমগ্ৰ বিশ্বক হতবাক কৰি তুলিছে। এই ঘোষণালৈ লক্ষ্য কৰিলে, বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গেছ নিৰ্গমক দেশ ভাৰতে ২০৭০ চনৰ ভিতৰত সেউজগৃহ গেছ নিৰ্গমন শূন্যলৈ (Net Zero Emission) হ্ৰাস কৰিব।


প্ৰধানমন্ত্ৰী মোদীৰ (PM Narendra Modi) ঘোষণাই যোৱা সপ্তাহত ৰোমত অনুষ্ঠিত জি-২০ সন্মিলনৰ হতাশাজনক ফলাফলৰ মাজত জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ প্ৰচেষ্টাক এক নতুন জীৱন প্ৰদান কৰিছে। কিয়নো পৰিৱেশ বিজ্ঞানীসকলৰ মতে বিধ্বংসী গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এনে এটা সিদ্ধান্তলৈ অহাটো অতিকৈ আৱশ্যকীয় হৈ পৰিছে।


ব্লুমবাৰ্গৰ লণ্ডন স্কুল অৱ ইকনমিক্সৰ ক্লাইমেট চেঞ্জ এণ্ড এনভাইৰনমেণ্টৰ অধ্যক্ষ নিকোলাছ ষ্টাৰ্নে কয়, "কপ–২৬ সন্মিলনৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। ভাৰতে বিশ্বক দেখুৱাবলৈ সুযোগ পাইছে যে ই অৰ্থনৈতিক বিকাশৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে।''


কপ২৬ সন্মিলনত ভাৰত আমেৰিকা আৰু চীনৰ দৰে বিশ্বৰ শীৰ্ষ গেছ নিৰ্গমক দেশৰ ভিতৰত আছে আৰু সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰতো চকু ৰাখিছে। আনহাতে, ঘৰুৱা ৰাজনীতিত বিভ্ৰান্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সন্মিলনত একো দৃঢ় পদক্ষেপৰ কথা উপস্থাপন কৰিব নোৱাৰিলে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ব্যক্তিগতভাৱে সন্মিলনত উপস্থিত নাছিল আৰু নিৰ্গমন হ্ৰাস কৰাৰ বাবে নতুন পৰিকল্পনাও প্ৰস্তুত কৰা নাছিল।


প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ ধনী দেশসমূহক লক্ষ্য কৰি ক'লে এনে কথা


প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বাবে মুখ্য প্ৰত্যাহ্বান হৈছে মুঠ শূন্য নিৰ্গমন লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰা। ইয়াৰ বাবে ট্ৰিলিয়ন টকাৰ বিনিয়োগৰ প্ৰয়োজন হ'ব। অৱশ্যে, সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ কয় যে বিশ্বৰ আটাইতকৈ ধনী দেশসমূহে দৰিদ্ৰ দেশসমূহক সহায় কৰিব লাগে, যাতে তেওঁলোকে যিমান সম্ভৱ সিমান বিত্ত সংগ্ৰহ কৰিব পাৰে আৰু পৰিষ্কাৰ শক্তিৰ দিশত কাম কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে আশা কৰে যে উন্নত দেশসমূহে যিমান সম্ভৱ সোনকালে জলবায়ু বিত্তীয় যোগানৰ বাবে ১,০০০ বিলিয়ন ডলাৰ প্ৰদান কৰিব।"


উন্নত দেশসমূহৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্ধাৰণ কৰা লক্ষ্য বছৰি জলবায়ু পৰিৱৰ্তনৰ বাবে ধনী দেশবোৰে নিৰ্ধাৰণ কৰাতকৈ ১০ গুণ বেছি আছিল। এইক্ষেত্ৰত মোদীয়ে কয় যে 'জলবায়ু বিত্তীয় যোগানৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলেহে প্ৰকৃততে ন্যায় প্ৰাপ্ত কৰা হ'ব।'


২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন ১ বিলিয়ন টন হ্ৰাস
সোমবাৰে জলবায়ু সন্মিলনত ভাৰতীয় নেতাসকলে ২০৭০ চনৰ ভিতৰত শূন্য গেছ নিৰ্গমনৰ লক্ষ্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধন ক্ষমতা অৰ্জন কৰিব। লগতে ২০৩০ চনৰ ভিতৰত ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৫০ শতাংশ নৱীকৰণযোগ্য শক্তিৰ পৰা আহৰণ কৰা হ'ব। ভাৰতে ২০৩০ৰ ভিতৰত আনুমানিক কাৰ্বন নিৰ্গমন এক বিলিয়ন টন হ্ৰাস কৰিব। ভাৰতে কাৰ্বনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰিব আৰু ২০৭০ চনৰ ভিতৰত শূন্য নিৰ্গমনৰ লক্ষ্য প্ৰাপ্ত কৰিব।' অৱশ্যে, ভাৰতক ২০৭০ চনৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ ৪০ বছৰৰ বাবে এক বিতং আৰু গভীৰ পৰিকল্পনাৰ প্ৰয়োজন।


প্ৰধানমন্ত্ৰীয়ে গৱেষণা অনুসৰি এই ঘোষণা কৰে


জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰী পেনেলৰ মতে, বিশ্বই এই শতিকাৰ মাজভাগত নেট জিৰো কাৰ্বন ডাই অক্সাইডৰ লক্ষ্য প্ৰাপ্ত কৰিব লাগিব আৰু তাৰ পিছত ২০৭০ চনৰ ভিতৰত সকলো সেউজগৃহ গেছ শূন্য কৰাৰ লক্ষ্যত উপনীত হ'ব লাগিব। ৰাষ্ট্ৰসংঘৰ পেনেলৰ মতে, পৃথিৱীৰ তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলচিয়াছতকৈ অধিক হোৱা প্ৰতিহত কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাও এই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কৰা হৈছিল। যিটো গৱেষণা সৈতে সামঞ্জস্যপূৰ্ণ বুলি গণ্য কৰিব পাৰি।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি