৮ বছৰীয়া শিশু হৈ পৰিল ৮০ বছৰীয়া বৃদ্ধাৰ দৰে, ভয়ংকৰ বেমাৰত মৃত্যু শিশুটিৰ

News18 Assam | News18-Assam
Updated:February 17, 2020, 2:30 PM IST
৮ বছৰীয়া শিশু হৈ পৰিল ৮০ বছৰীয়া বৃদ্ধাৰ দৰে, ভয়ংকৰ বেমাৰত মৃত্যু শিশুটিৰ
Photo : News18 Hindi

বেমাৰত আক্ৰান্ত হোৱাৰ পিছত ৮ বছৰীয়া শিশুটি হৈ পৰিছিল ৮০ বছৰীয়া বৃদ্ধাৰ দৰে।

  • Share this:
এক আজৱ বেমাৰ। শুনিবলৈ বা দেখিবলৈ আচৰিত যেন লাগে। এই বেমাৰত আক্ৰান্ত হ’লে কণমানি শিশুও বৃদ্ধ লোকৰ দৰে ৰূপ হৈ পৰে। শিশুকালতে বৃদ্ধৰ দৰে হৈ পৰা এনে ৰোগত আক্ৰান্ত হৈ ইউক্ৰেইনত মৃত্যু হৈছে এটি ৮ বছৰীয়া শিশুৰ। এই অসাধাৰণ বেমাৰত মৃত্যু হোৱা কন্যা শিশুটিৰ নাম আন্না ছাকিডন।

বেমাৰত আক্ৰান্ত হোৱাৰ পিছত ৮ বছৰীয়া শিশুটি হৈ পৰিছিল ৮০ বছৰীয়া বৃদ্ধাৰ দৰে। বেমাৰৰ ফলত ভিতৰৰ অংগসমূহ অচল হৈ পৰিছিল। যাৰ ফলত মৃত্যুক সাবটি ল’বলগীয়া হয় শিশুটিয়ে। নিজ কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল মাতৃয়ে। কিন্তু সকলো চেষ্টা বিফল হ’ল পৰিয়ালটোৰ।

Photo : News18 Hindi


চিকিৎসকৰ মতে, এই বেমাৰটোৰ নাম প্ৰজেৰিয়া। ৮ৰ পৰা ১০ বছৰৰ শিশুৰ মাজত দেখা যায় এই ৰোগবিধ। এই বেমাৰৰ ফলত শৰীৰৰ অংগসমূহ দ্ৰুতগতিত বাঢ়িবলৈ ধৰে। হাড়ৰ বিকাশ লাহে লাহে হয় আৰু বাকী অংগৰ বিকাশ দ্ৰুতগতিত হয়। এনেকুৱা বেমাৰী সাধাৰণতে ষ্ট্ৰ’কৰ দ্বাৰা মৃত্যু হয়। সমগ্ৰ বিশ্বৰ ভিতৰত ১৬০জন লোক আক্ৰান্ত এই ৰোগত।
আৰু চাওক
পৰৱৰ্তী বাতৰি