থমাছ চায়েফাৰৰ এনে মৃত্যুৱে স্তম্ভিত কৰিছে সমগ্ৰ জাৰ্মানীক।
থমাছ চায়েফাৰৰ এনে মৃত্যুৱে স্তম্ভিত কৰিছে সমগ্ৰ জাৰ্মানীক।
জাৰ্মানীৰ হেচে প্ৰদেশৰ বিত্তমন্ত্ৰী থমাছ চায়েফাৰে (Thomas Schaefer) আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কোৰোণা মহামাৰীৰ ফলত দেশত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটত শংকিত হৈ আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৫৪ বছৰীয়া বিত্তমন্ত্ৰীগৰাকীৰ মৃতদেহ শনিবাৰে ৰে’ল লাইনত উদ্ধাৰ হয়। থমাছ চায়েফাৰৰ এনে মৃত্যুৱে স্তম্ভিত কৰিছে সমগ্ৰ জাৰ্মানীক। হেচে প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱালকাৰ ৱাফিয়ে কয় ‘‘আমি বিশ্বাসেই কৰিব পৰা নাই; আমি যথেষ্ট দুখ পাইছোঁ।’’
হেচে প্ৰদেশতে আছে জাৰ্মানীৰ বিত্তীয় ৰাজধানী ফ্ৰেংকফৰ্ত। ইয়াতে অৱস্থিত Deutsche Bank আৰু European Central Bankৰ মুখ্য কাৰ্যালয়। বিত্তমন্ত্ৰী গৰাকীয়ে Industry leader সকলৰ সৈতে অৰ্থনৈতিক সংকটৰ সমাধান-সূত্ৰ বিচাৰি বহুবাৰ বৈঠকতো মিলিত হৈছিল। এই দিশত অহৰহ কাম কৰি আছিল তেওঁ।
জাৰ্মানীৰ Chancellor Angela Merkel এ চায়েফাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয় – এনে জটিল সন্ধিক্ষণত তেওঁৰ নিচিনা লোকৰ বহুত প্ৰয়োজন আছিল। তেওঁৰ মৃত্যু জাৰ্মানীৰ কাৰণে বৃহৎ ক্ষতি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|