আমেৰিকাই হত্যা কৰিলে ইৰাণৰ কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানীক

News18 Assam | News18-Assam
Updated:January 3, 2020, 10:25 AM IST
আমেৰিকাই হত্যা কৰিলে ইৰাণৰ কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানীক
ইৰাকৰ চৰকাৰী টিভি চেনেলে ছুলেমানীৰ মৃত্যুৰ নিশ্চিত খবৰ প্ৰকাশ কৰিছে। হোৱাইট হাউছৰ তৰফৰ পৰাও আক্ৰমণৰ কথা নিশ্চিত কৰা হৈছে।

ইৰাকৰ চৰকাৰী টিভি চেনেলে ছুলেমানীৰ মৃত্যুৰ নিশ্চিত খবৰ প্ৰকাশ কৰিছে। হোৱাইট হাউছৰ তৰফৰ পৰাও আক্ৰমণৰ কথা নিশ্চিত কৰা হৈছে।

  • Share this:
আমেৰিকাৰ বিমান আক্ৰমণত নিহত হৈছে ইৰাণৰ কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানী। আমেৰিকাই বৃহস্পতিবাৰে নিশা ইৰাকৰ ৰাজধানী বাগদাদত বিমান আক্ৰমণেৰে কুদ্ছ ফ’ৰ্চৰ মুৰব্বী মেজৰ জেনেৰেল কাছিম ছুলেমানীক হত্যা কৰে। কোৱা হৈছে যে ছুলেমানীৰ কনভয় বাগদাদ বিমানবন্দৰৰ ফালে গৈ থকাৰ সময়তে বিমানেৰে আক্ৰমণ কৰে আমেৰিকান সেনাই। এই আক্ৰমণত পপুলাৰ মোবলাইজেশ্যন ফ’ৰ্চৰ ডেপুটী কমাণ্ডাৰ আবু মেহদী অল মুহান্দিছো নিহত হোৱাৰ খবৰ আহিছে।

ইৰাকৰ চৰকাৰী টিভি চেনেলে ছুলেমানীৰ মৃত্যুৰ নিশ্চিত খবৰ প্ৰকাশ কৰিছে। হোৱাইট হাউছৰ তৰফৰ পৰাও আক্ৰমণৰ কথা নিশ্চিত কৰা হৈছে। হোৱাই হাউছৰ ফালৰ পৰা কোৱা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি আমেৰিকান সেনাই কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল ছুলেমানীক হত্যা কৰে। লগতে কোৱা হৈছে যে ছুলেমানী আমেৰিকা আৰু ইৰাকৰ কূটনীতিবিদৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিদেশত থকা আমেৰিকান কৰ্মচাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি ইৰাণৰ ৰিভলুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ কাছিম ছুলেমানীক হত্যা কৰাৰ নিৰ্দেশ দিছিল। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক এক বিবৃতিত কয় যে জেনেৰেল ছুলেমানীয়ে ইৰাকত আমেৰিকাৰ কূটনীতিবিদ আৰু সৈন্য কৰ্মীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। শতাধিক আমেৰিকান লোক আৰু আন মিত্ৰজোঁট সহযোগীৰ সদস্যৰ মৃত্যু আৰু সহস্ৰাধিকক আহত কৰাৰ বাবে জগৰীয়া জেনেৰেল ছুলেমানী আৰু তেওঁৰ কুদ্ছ ফ’ৰ্চ।

ইৰাণৰ ৰিভলুচনেৰী গাৰ্ডে চৰকাৰী টেলিভিছনত এক মন্তব্যত কুদ্ছ গোটৰ কমাণ্ডাৰ কাছিম ছুলেমানীৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে। বাগদাদত আমেৰিকান সেনাৰ আক্ৰমণত ছুলেমানীৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে ৰিভলুচনেৰী গাৰ্ডে। এই ঘটনাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটাৰত শ্বেয়াৰ কৰিছে আমেৰিকাৰ পতাকা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: January 3, 2020, 10:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading