কি কাৰণে এখন ইছলামধর্মী দেশৰ ছপা নোটত থাকে গণেশ বাবা? চাওক প্ৰতিবেদন

গণেশ চতুৰ্থীৰ উখল–মাখলৰ মাজত জানো আহক এই আকৰ্ষণীয় তথ্য। 

News18
Updated:September 2, 2019, 3:19 PM IST
কি কাৰণে এখন ইছলামধর্মী দেশৰ ছপা নোটত থাকে গণেশ বাবা? চাওক প্ৰতিবেদন
গণেশ চতুৰ্থীৰ উখল–মাখলৰ মাজত জানো আহক এই আকৰ্ষণীয় তথ্য। 
News18
Updated: September 2, 2019, 3:19 PM IST
গণেশ বাবা আৰু ইছলামধৰ্মীয় এখন দেশৰ কি সম্পৰ্ক থাকিব পাৰে বাৰু? হয়তো বহু কম সংখ্যক লোকেহে জানে এই আকৰ্ষণীয় কথা। বিশ্বৰ আটাইতকৈ বৃহৎ ইছলামধৰ্মীয় লোকৰ বসতি প্ৰধান ইণ্ডোনেছিয়াৰ ছপা নোটত বিৰাজমান হিন্দুসকলৰ আৰাধ্য বিঘ্নহৰ্তা শ্ৰী গণেশৰ ছবি।

সনাতন ধৰ্মত গণেশ ভগৱানক সকলো দেৱ–দেৱীৰ মাজত অগ্ৰ পূজ্যৰূপে পূজা কৰা হয়। আজি গণেশ চতুৰ্থীত আমি জনাব বিচাৰিছো এই গণেশ ভগৱানৰ এনেকুৱা এক বিশেষ কথা যিটো হয়তো বহু কম লোকেহে জানে। গণেশৰ ফটো ছপা কৰা নোট আপুনি নিশ্চয় নাই দেখা কিন্তু বিশ্বত এনে এখন দেশ আছে য’ত গণেশ দেৱতাৰ ছবি ছপা কৰা হয়। আহক জানো কি কাৰণে এই দেশখনৰ নোটত ছপা কৰা হয় গণপতিক।

বিশ্বৰ আটাইতকৈ বৃহৎ ইছলামধৰ্মী লোকৰ বসতি প্ৰধান ইণ্ডোনেছিয়াৰ ছপা নোটত গণপতিক ছপা কৰা হয়। তাত্‍পৰ্যপূৰ্ণ যে ইয়াৰ টকাও ভাৰতৰ টকাৰ সৈতে সামঞ্জস্য থকা, ইয়াক ৰুপিয়াহ বুলি কোৱা হয়। ইণ্ডোনেছিয়াত প্ৰায় ৮৭.৫শতাংশ লোকেই ইছলামধৰ্মীয়। মাত্ৰ তিনি শতাংশ হিন্দু লোকৰ বসতি আছে ইয়াত। কিন্তু ইয়াৰ বিশ হাজাৰৰ নোটত গণেশ বাবাৰ ছবি ছপা কৰা হয়। দৰাচলতে ইণ্ডোনেছিয়াৰ সংস্কৃতিত ভগৱান গণেশক শিক্ষা, কলা আৰু বিজ্ঞানৰ দেৱতা জ্ঞান কৰা হয়।

নোটত কি কি বিশেষত্ব?

ইণ্ডোনেছিয়াত ২০হাজাৰৰ নোটৰ এফালে ভগৱান গণেশৰ ছবি আৰু পিছফালে ক্লাছৰুমৰ ছবি আছে য’ত শিক্ষক আৰু ছাত্ৰ–ছাত্ৰীকো দেখুওৱা হৈছে। ইয়াৰ লগতে ইণ্ডোনেছিয়াৰ প্ৰথম শিক্ষামন্ত্ৰী হাজাৰ দেৱান্ত্ৰাৰ ছবিও আছে। দেৱান্ত্ৰা ইণ্ডোনেছিয়াৰ স্বাধীনতা সংগ্ৰামৰো নায়ক।

কোৱা হয় যে, কিছু বছৰ পূৰ্বে ইণ্ডোনেছিয়াৰ অর্থব্যৱস্থা অতি শোচনীয় হৈ পৰাৰ সময়ত অৰ্থনীতি বিশ্লেষকসকলে বিচাৰ–বিবেচনা কৰি এক ২০হাজাৰ টকীয়া নোট ছপা কৰাৰ সিদ্ধান্ত লয়। এই নোটত গণেশ বাবাৰ ছবি আছে। মানুহে বিশ্বাস কৰে যে, এই কাৰণতে এতিয়া তাৰ অৰ্থব্যৱস্থা সুস্থিৰ!

অৰ্জুন আৰু শ্ৰী কৃষ্ণৰো আছে মূৰ্তি!

আপুনি জানি আচৰিত হ’ব যে এই দেশখনত কেৱল গণেশ দেৱতা হোৱাৰ লগতে ইণ্ডোনেছিয়া সেনাৰ শুভংকৰ হৈছে হনুমান। লগতে দেশখনৰ এক বিখ্যাত পৰ্যটন থলীত সংস্থাপন কৰা আছে অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মূৰ্তি। আনকি ভীমৰ পুত্ৰ ঘটোৎকচৰ মূৰ্তিও আছে দেশখনত।
আৰু চাওক পৰৱৰ্তী বাতৰি